ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৯১ গৰাকী লোক। আক্ৰান্তসকলৰ ২৩ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১২ গৰাকী তিনিচুকীয়া জিলাৰ, ১০ গৰাকী কাছাৰ জিলাৰ, ৪ গৰাকী ডিব্ৰুগড় জিলাৰ আৰু ৭ গৰাকী শোনিতপুৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্ত । পজিটিভিটিৰ হাৰ ২.৫২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৩,২৭২ গৰাকী। পজিটিভিটিৰ হাৰ ৪.২১ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,০১,১৬৬ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.