মিজোৰাম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বৃহৎ সফলতা। প্ৰায় ১৯.২২৩ কিলোগ্ৰাম ওজনৰ ২ লাখ মেথামফেটামাইন টেবলেট জব্দ। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৫৮ কোটি টকা। গোপন সূত্ৰৰ পম খেদি চিআইডিৰ এটা দলে আইজলৰ লুয়াংমুৱালত এখন বাহনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমানৰ টেবলেটখিনি। ঘটনা সন্দৰ্ভত দুজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে। আটকাধীন দুই অভিযুক্ত অসমৰ কৰিমগঞ্জৰ শ্বালিম উদ্দিন আৰু আলিকুৰ ৰহমান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আটকাধীন দুই অভিযুক্তৰ বিৰুদ্ধে এন ডি পি এছ আইন, ১৯৮৫ৰ অধিনত এটা গোচৰ ৰুজু কৰা হৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.