ইণ্টাৰনেচনেল ডেস্ক:
মঙলবাৰে বিয়লি প্ৰচণ্ড ভূমিকম্পই জোকাৰি গল চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। ৰিখটাৰ স্কেল ৫.৮ প্ৰাবল্যত অনুভূত হয় ভূমিকম্পটো। ভূমিকম্পটোৰ উৎপত্তিস্থল নেপালৰ জুমলা জিলাৰ উত্তৰ-পশ্চিমে প্ৰায় ৬৩ কিলোমিটাৰ দূৰত্বত ১০ কিলোমিটাৰ গভীৰতাত।
আনহাতে দিল্লী আৰু এনচিআৰ অঞ্চলতো অনুভূত হয় ভূমিকম্পৰ প্ৰবল জোকাৰণি। খবৰটো সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই ।।