কাইলৈৰ পৰা প্ৰযোজ্য হ’ব লগা নতুন SOP

কাইলৈৰ পৰা এসপ্তাহৰ বাবে ৰাজ্যত বলৱৎ হ’ব লগা নতুন ক’ভিড SOP ঘোষণা

????৭ খন জিলাত টোটেল কন্টেইনমেন্ট ঘোষণা
????গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, মৰিগাঁও, লখিমপুৰত সাতদিনলৈ টোটেল কন্টেইনমেন্ট
????১৬খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন
????শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ (গ্ৰাম্য), দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলঙত দিনৰ ২ বজাৰ পৰা কাৰ্ফিউ
????শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত চোকা নজৰ থাকিব
????১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন
????ধুবুৰী, কামৰূপ(মহানগৰ), দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দিত বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউ
????সম্পূৰ্ণ সান্ধ্য আইন ব্যৱস্থাৰ অধীনৰ জিলাসমূহত বিয়লি ৫ বজালৈকে গেলামালৰ দোকান, শাক-পাচলিৰ দোকান আৰু ফলমূলৰ দোকান খোলা থাকিব
????পূৰ্বৰ দৰেই ৰাজ্যত আন্তঃজিলা যাতায়াত সম্পূৰ্ণ বন্ধ থাকিব
????আগৰ দৰেই জৰুৰী সেৱা, অত্যাৱশ্যকীয় সেৱাসমূহ বাধাহীন ভাৱে চলি থাকিব
????কাইলৈ (৭ জুলাই)ৰ পৰা পৰৱৰ্তী এসপ্তাহৰ বাবে এই নিয়মসমূহ বলৱৎ হ’ব
????সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক উৎপাদনমূলক কামকাজ, চাহ বাগিচাৰ নিয়মীয়া কামকাজ ক’ভিড প্ৰট’কল অনুসৰণ কৰি চলি থাকিব।।

You might also like
Leave A Reply

Your email address will not be published.