আজি ৭ জুলাই

➡️ আজি আন্তৰ্জাতিক সমবায় দিৱস।

➡️ ১৩০৭ চনৰ ৭ জুলাইত স্কটলেণ্ড আক্ৰমণ কৰিবলৈ যাওঁতে ইংলেণ্ডৰ ৰজা প্ৰথম এডৱাৰ্ডৰ মৃত্যু হৈছিল। আৰু পুত্ৰ দ্বিতীয় এডৱাৰ্ড ইংলেণ্ডৰ ৰজা হৈছিল।

➡️ মীৰজাফৰ পুনৰ বংগৰ নবাব হৈছিল ১৭৬৩ চনৰ ৭ জুলাইত।

➡️ ১৮৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতলৈ চিনেমাৰ আগমন হৈছিল আৰু ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰথম চিনেমা প্ৰদৰ্শন হৈছিল।

➡️ ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু হৈছিল ১৯৩০ চনৰ ৭ জুলাইত।

➡️ ১৯০৫ চনৰ ৭ জুলাইত লৰ্ড কাৰ্জনে ঘোষণা কৰিছিল বংগ বিভাজন কথা ।

➡️ মিজো নেচনেল ফ্ৰন্টৰ শীৰ্ষনেতা লালডেংগাৰ ৬৩ বছৰ বয়সত লণ্ডনত মৃত্যু হৈছিল ১৯৯০ চনৰ আজিৰ দিনটোতে।

➡️ প্ৰখ্যাত উৰ্দু লেখিকা কাৰ্টুন এন হাইদৰলৈ ১৯৮৯ চনৰ ৭ জুলাইত ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছিল।

➡️ ১৯৯৬ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হৈছিল।

➡️ ওছামা বিন লাডেনক আশ্ৰয় দিয়াৰ অভিযোগত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আফগানিস্তানৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ১৯৯৯ চনৰ ৭ জুলাইত।

➡️ বাটালিকত ভাৰতীয় সেনা আৰু পাক অনুপ্ৰবেশকাৰীৰ মাজত ভয়াৱহ যুদ্ধ হৈছিল ১৯৯৯ চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সেনাই জুবাৰ হাইট অধিকাৰ কৰিছিল ১৯৯৯ চনৰ ৭ জুলাইত।

➡️ ২০০৭ চনৰ আজিৰ দিনটোতেই বিশ্বৰ নতুন সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত তাজমহল অন্তৰ্ভুক্ত হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.