▶️১৬২৩ চনৰ আজিৰ দিনটোতেই হিন্দী কবি তথা হিন্দী ৰামায়ণৰ প্ৰণেতা তুলসী দাসৰ দেহাৱসান।
▶️১৭৬৪ চনৰ এই দিনটোতেই বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত মীৰকাছিমৰ পৰাজয়।
▶️১৯১৫ চনৰ আজিৰ দিনটোতেই ৰাজনীতিবিদ, সাহিত্যিক লক্ষ্যধৰ চৌধুৰীৰ জন্ম।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ মৃত্যু।
▶️১৯৪০ চনৰ এই দিনটোতেই বিশ্ব ফুটবলৰ কিংবদন্তি ব্ৰাজিলৰ মহাতাৰকা পেলেৰ জন্ম।
▶️১৯৪৩ চনৰ এই দিনটোতেই ছিংগাপুৰত আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী ‘ঝান্সি ব্ৰিগেড’ প্ৰতিষ্ঠা।
▶️১৯৪৩ চনৰ এই দিনটোতেই আজাদ হিন্দ চৰকাৰৰ ব্ৰিটেইন আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম হৈছিল।
▶️১৯৮৬ চনৰ আজিৰ দিনটোতেই পণ্ডিত তীৰ্থনাথ শৰ্মাৰ মৃত্যু।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰা পৰিচালনাৰ অন্যতম নায়ক বিজেপিৰ তদানীন্তন সভাপতি লালকৃষ্ণ আদৱানিক জাতীয় নিৰাপত্তা আইনৰ অধীনত বিহাৰত গ্ৰেপ্তাৰ। বিভিন্ন ৰাজনৈতিক দল আৰু ভাৰত চৰকাৰৰ আবেদন উপেক্ষা কৰি আদৱানিয়ে এই ৰথযাত্ৰাৰ আয়োজন কৰিছিল। আদৱানিক গ্ৰেপ্তাৰৰ পিছতে বিজেপিয়ে কেন্দ্ৰৰ মৰ্চা চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ সংকটত পৰে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৩ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like