পোকৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে ছিপাঝাৰৰ এখন গাঁও। পোকৰ উপদ্ৰৱৰ বাবে এতিয়া ঘৰ এৰি অন্য স্থানত বসতি কৰিব লগা হৈছে গাঁওখনৰ কেইবাটাও পৰিয়ালে। আনকি ন ন স্থানলৈ সংক্ৰমিত হবলৈ ধৰিছে পোকৰ এই ভয়াবহ উপদ্ৰৱ। যেনিয়ে চাই তেনিয়ে কেৱল পোক। বিগত তিনি চাৰিদিন ধৰি খাবও পৰাই নাই, শুবও পৰা নাই ছিপাঝাৰৰ আলিখাপাৰা গাঁৱৰ এইসকল লোকে। কিয়নো পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত এইধৰণে চানি ধৰিছে অচিন পোকে। ৰদৰ মাত্ৰা বৃদ্ধি পালেই ঘৰ চোতাল বিছনা আদিৰ লগতে সকলো ঠাইতে বিয়পি পৰে এই সমূহ পোকে। যাৰ ফলত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এইসকল লোকৰ জনজীৱন। এনে অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হোৱা এইসকল লোকে এতিয়া সহায় বিচাৰিছে প্ৰশাসনৰ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like