আজি ১০ মে’

➡️আজি ইজৰাইলৰ জাতীয় দিৱস।
➡️১৫২৬ চনত পাণিপথৰ প্ৰথম যুদ্ধত জয়লাভ কৰি তৎকালীন ভাৰতৰ ৰাজধানী আগ্ৰাত বাবৰৰ প্ৰৱেশ, আগ্ৰাতে বাবৰৰ ৰাজধানী তথা বাসস্থান স্থাপন।
➡️১৭৫৫ চনত আমেৰিকাৰ ইংৰাজ উপনিবেশবোৰৰ এক প্ৰতিনিধিত্বমূলক সংস্থা কন্টিনেন্টেল কংগ্ৰেছৰ দ্বিতীয় সন্মিলন অনুষ্ঠিত।
এই সন্মিলনতে জৰ্জ ৱাশ্বিংটনক কন্টিনেন্টেল কংগ্ৰেছৰ নেতা ঘোষণা কৰা হয়।
➡️১৮২৯ চনত ইংৰাজ পদাৰ্থ-বিজ্ঞানী, চিকিৎসক আৰু মিছৰবিদ (Egyptologist) টমাছ ইয়ঙৰ মৃত্যু হয়। পোহৰ যে প্ৰকৃততে তৰংগহে,সেই কথা ইয়ঙেই আৱিষ্কাৰ কৰে।
➡️১৮৫৭ চনত মীৰাটত প্ৰকাশ্যে চিপাহী বিদ্ৰোহৰ সূচনা। ইয়াৰ আগতে এই বছৰৰে ২৬ ফেব্ৰুৱাৰীত বংগত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত ঘটে।
➡️১৯০৮ চনত ফিলাডেলফিয়াত প্ৰথম মাতৃ দিৱস উদযাপন।
➡️১৯৬৯ চনত মাৰ্কিন মহাকাশযান ‘এপলো-১০’ ৰ প্ৰথম পৃথিৱীলৈ ৰঙীন চিত্ৰ প্ৰেৰণ।
➡️১৯৭৮ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাৰ মৃত্যু হয়।
➡️১৯৮১ চনত মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত।
➡️১৯৮৯ চনত অসমৰ ৰাজ্যপাল ৰূপে হৰিদেউ যোশীৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৮৯ চনৰ ২১ জুলাইলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯৪ চনত দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি ৰূপে নেলছন মাণ্ডেলাৰ শপত গ্ৰহণ।
➡️১৯৯৮ চনত ঔপন্যাসিক কাঞ্চন বৰুৱাৰ মৃত্যু হয়।
➡️২০০১ চনত অসম, তামিলনাডু, কেৰেলা, পশ্চিমবংগ আৰু পণ্ডিচেৰীত বিধানসভা নিৰ্বাচন, অসমত কংগ্ৰেছ দলৰ শাসনভাৰ দখল।
➡️২০০২ চনত বিশিষ্ট উৰ্দু কবি কাইফি আজমীৰ মৃত্যু হয়।
➡️২০০২ চনত লোকসভাৰ অধ্যক্ষ ৰূপে মনোহৰ যোশীৰ শপত গ্ৰহণ। ২০০৪ চনলৈকে যোশীয়ে অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০৭ চনত সংসদৰ চেন্ট্ৰেল হলত স্বাধীনতাৰ প্ৰথম যুদ্ধ বা চিপাহী বিদ্ৰোহৰ ১৫০ বছৰীয়া জয়ন্তী দিৱস।

You might also like
Leave A Reply

Your email address will not be published.