আজি ৯ মে’

➡️আজি ইউৰোপ দিৱস।
➡️আজি চেক প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰীয় দিৱস।
➡️বিশ্ব থেলাছমিয়া দিৱস।
➡️১৫৪০ চনত ৰাজপুত বীৰ, মেৱাৰৰ ৰজা ৰাণা প্ৰতাপ সিংহৰ জন্ম।
➡️১৮০০ চনত আমেৰিকাৰ দাস বিদ্ৰোহৰ অন্যতম নেতা জন ব্ৰাউনৰ জন্ম।
➡️১৮৫০ চনত ফৰাচী বিজ্ঞানী গে-লুছাকৰ (সম্পূৰ্ণ নাম যোছেফ লুই গে-লুছাক) মৃত্যু হয়। ৰাসায়নিক মিলনৰ ফলত বিভিন্ন গেছীয় সংমিশ্ৰণৰ আয়তনৰ পৰিৱৰ্তন বিষয়ক এটা বিশেষ সূত্ৰৰ আৱিষ্কাৰৰূপে লুছাক বিখ্যাত।
➡️১৮৬৬ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী গোপাল কৃষ্ণ গোখলেৰ জন্ম।
➡️১৮৭৪ চনত ভাৰতৰ মুম্বাইত পোন প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰাম গাড়ীৰৰ প্ৰচলন আৰম্ভ হয়।
➡️১৯২৬ চনত মাৰ্কিন অভিযাত্ৰী ৰিচাৰ্ড ই বেয়াৰ্ডৰ বায়ুপথেৰে উত্তৰ মেৰুলৈ সফল অভিযান। এয়াই আছিল উত্তৰ মেৰুৰ ওপৰেদি মানুহৰ প্ৰথম উৰণ।
➡️১৯৪৪ চনত নিউয়ৰ্কত বিশ্বৰ প্ৰথমটো ‘নেত্ৰ বেংক’ প্ৰতিষ্ঠা।
➡️১৯৬৬ চনত পশ্চিম জাৰ্মানীক ৪-২ গ’লত পৰাজিত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবলৰ চেম্পিয়নশ্বিপ অৰ্জন।
➡️১৯৭৫ চনত ভাৰতত প্ৰথম ইলেকট্ৰনিক টাইপ-ৰাইটাৰৰ উৎপাদন আৰম্ভ।
➡️১৯৮৬ চনত এভাৰেষ্ট জয়ী পৰ্বতাৰোহী টেনজিং নৰ্গেৰ ৭১ বছৰ বয়সত মৃত্যু হয়। ১৯৫৩ চনত নৰ্গেই এডমাণ্ড হিলাৰীৰ সৈতে বিশ্বৰ প্ৰথম পৰ্বতাৰোহী ৰূপে এভাৰেষ্টত আৰোহণ কৰিছিল।
➡️২০০৭ চনত মধ্যম দূৰত্বৰ স্থল ক্ষেপণাস্ত্ৰ ‘পৃথ্বী’ৰ সফল পৰীক্ষণ।

You might also like
Leave A Reply

Your email address will not be published.