মন কৰিলেই চন বাকৰি মাটিতে ধন

ধেমাজিত তিনি কৃষকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

ধেমাজিত তিনি কৃষকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

চৰকাৰী চাকৰিলৈ বাট নাচাই ধেমাজি নিলখ বালিজানৰ তিনি কৃষকে কৃষিকৰ্মৰ জৰিয়তে আগুৱাই গৈছে স্বাৱলম্বিতাৰ দিশত। ধেমাজি নিলখ বালিজানৰ যুৱকসকল ব্যস্ত জ্বলাৰ ৰজা ভোট জলকীয়া খেতিত।
কৃষকসকলে বিঘাই বিঘাই মাটিত ভোট জলকীয়া আৰু তৰমুজৰ খেতি কৰিছে।আদৰ্শ কৃষক সকলৰ নাম ক্ৰমে নিতুল শইকীয়া, প্ৰেমেধৰ বৰুৱা আৰু দিলীপ ভৰলুৱা। ১৫ বিঘাকৈ ভূমিত ভোট জলকীয়া আৰু ১২ বিঘা ভূমিত তৰমুজৰ খেতি কৰিছে। কুইন্টলে কুইন্টলে ভোটজলকীয়া আৰু তৰমুজ উৎপাদন কৰি উৎকৃষ্ট কৃষিকৰ্মৰ আদৰ্শ দেখুৱাইছে কৃষককেই গৰাকীয়ে আৰু ভোট জলকীয়া খেতি যে এক লাভ জনক খেতি সেইয়া প্ৰমান কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ কৃষককেইজনে।

You might also like
Leave A Reply

Your email address will not be published.