➡️১৯০১ অসমৰ প্ৰথম মহাবিদ্যালয় গুৱাহাটীৰ কটন কলেজ মুকলি।
➡️১৯১০ জার্মান জীৱাণু-বিজ্ঞানী ৰবাৰ্ট কখৰ (সম্পূর্ণ নাম হেন্ত্ৰিক হেৰমান ৰবাৰ্ট কখ) মৃত্যু। যক্ষ্মা আৰু কলেৰা ৰোগৰ জীৱাণুৰ আৱিষ্কাৰক ৰূপে ৰবাৰ্ট কখ বিখ্যাত।
➡️ ১৯১১ মুক্তিযোদ্ধা, সাহিত্যিক শিৱপ্ৰসাদ বৰুৱাৰ জন্ম।।
➡️১৯৫৭ ভাৰতৰ কপিৰাইট বিধেয়ক গৃহীত।
➡️১৯৬৪ ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু।দেশজুৰি ১২ দিন ৰাষ্ট্ৰীয় শোক পালন।
➡️ ১৯৮৯ ব্রহ্মদেশৰ নাম সলনি, নতুন নাম ম্যানমাৰ। দেশখনৰ ৰাজধানী চহৰ ৰেংগুনৰো নাম সলনি হয়। নতুন নাম য়াংগোন।
➡️১৯৯০ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি জে এছ বার্মাক ৰাজীৱ গান্ধী হত্যাৰ তদন্তৰ দায়িত্ব।
➡️১৯৯৬ প্রধান মন্ত্রী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ১২দিনীয়া চৰকাৰৰ আস্থা ভোট গ্রহণ। আস্থা ভোটক লৈ হোৱা দুদিনীয়া বিতৰ্কৰ অন্তত কাৰ্যভাৰ গ্ৰহণৰ মাত্র ১৩ দিনৰ পিছতে ২৮ মে’ত বাজপেয়ী চৰকাৰৰ পতন।
➡️ ১৯৯৯ কার্গিলত ভাৰতীয় বিমান বাহিনীৰ দুখন মিগ যুদ্ধবিমান ধ্বংস।
➡️১৯৯৯ এভাৰেষ্টৰ উত্তৰ দিশেৰে (তিৰ্বতৰ কাংচুং অংশৰে) তিনিজন ভাৰতীয় অভিযাত্রী কুছাং দর্জী, ছাংগে শ্বের্পা আৰু আমন প্ৰকাশৰ এভাৰেষ্টত আৰোহণ। এইটো পথেৰে এভাৰেষ্টত আৰোহণ কৰা তেওঁলোকেই প্রথম ভাৰতীয়।
➡️২০০০ আলফা নেতা তথা কবি স্বাধীনতা ফুকন ওৰফে কবিৰৰঞ্জন শইকীয়াৰ মৃত্যু।
➡️২০০১ বিয়া নকৰালেও এজন পুৰুষ-মহিলা একেলগে থাকিব পাৰে: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়।
➡️২০০২ ভাৰতৰ প্ৰসিদ্ধ অর্থনীতিবিদ আৰু পৰিকল্পনাবিদ আই এছ গুলাটিৰ মৃত্যু।