আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস
উপেক্ষিত সোনাৰি নগৰৰ মাজমজিয়াত থকা গীতিকবিৰ সমাধিক্ষেত্ৰ
আজি ৰাজ্যবাসীয়ে পালন কৰিছে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস। চৰাইদেউ জিলাৰ সোনাৰি নগৰৰ ২ নং ৱাৰ্ডত থকা গীতিকবি গৰাকীৰ সমাধি ক্ষেত্ৰখন আৱৰি আছে হাবি জংঘলেৰে। সোনাৰি পৌৰসভাৰ সন্মুখতে থকা গীতিকবি গৰাকীৰ সমাধি ক্ষেত্ৰখন আজি স্মৃতি দিৱসৰ দিনটোত এনেদৰে উপেক্ষিত হৈ পৰিল । অসম দৰ্শনৰ অধীনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ সমাধি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ধন আহিছিল যদিও কোনো কাম নকৰাকৈ ধন হৰলুকী কৰাৰ অভিযোগ। নিজৰ সৃষ্টিকৰ্মৰে অসম সাহিত্য সংস্কৃতিৰ জগতলৈ বৃহৎ বৰঙণি আগবঢ়াই যোৱা চিৰযুগমীয়া এই গৰাকী কবি , সাহিত্য , নাট্যকাৰ , বোলছবি নিৰ্মাতা গীতিকবিৰ সমাধি ক্ষেত্ৰত আজিও উপেক্ষিত হৈ ৰোৱাত অসন্তুষ্ট সচেতন মহল।