আজি ৯ আগষ্ট

নাগাছাকি দিৱস ।
ভাৰত ত্যাগ আন্দোলন দিৱস ।
১৮১৯ দক্ষিণ আমেৰিকাত উত্তৰ- পূৱৰ দেশ কলম্বিয়াৰ পূৰ্ণ স্ৱাধীনতা লাভ ।
১৮৯৭ পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ । প্লেগ ৰোগ- প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা আছিল । এই ব্যৱস্থাত মাৰাঠী সমাজ অতিকৈ ক্ষুণ্ণ হয় আৰু ৰেণ্ডক হত্যা কৰাৰ সিদ্ধান্ত লয় ।
১৯৪২ ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ সূচনা ।
১৯৪৫ জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ।
১৯৫০ বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী । ১৯৫৭ চনৰ ২৭ ডিচেম্বৰলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ।
১৯৬২ জাৰ্মান কবি- ঔপোন্যাসিক হেৰমান হেছৰ মৃত্যু । গৌতম বুদ্ধৰ জীৱন- কাহিনীৰ আধাৰত ৰচিত উপন্যাস ‘সিদ্ধাৰ্থ’ৰ বাবে হেছে লাভ কৰে ১৯৪৬ চনৰ সাহিত্যৰ নোবেল বঁটা।
১৯৬৫ সাৰ্বভৌম, গণতান্ত্ৰিক স্ৱাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰৰ স্ৱীকৃতি লাভ ।
১৯৬৯ কলকতাৰ অক্টৰলোনি মনুমেণ্টৰ নাম সলনি, নতুন নাম শ্ৱহীদ মিনাৰ ।
১৯৭১ শান্তি, বন্ধুত্ৱ আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত এখন ২০ বছৰীয়া চুক্তি স্ৱাক্ষৰিত ।
১৯৯১ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু ।
১৯৯৭ দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ ৫৫ বছৰীয়া জয়ন্তী পালন ।
২০০০ নীলিমা বৰাৰ ‘মৰমীয়াল পখিলাটি’ আৰু মালিনীৰ ‘অকণিহঁতলৈ সাধুৰ চলেৰে বিজ্ঞান’ শিশুগ্ৰন্থ দুখনৰ বাবে ১৯৯৮- ৯৯ চনৰ শিশু সাহিত্য পুৰস্কাৰ ।

You might also like
Leave A Reply

Your email address will not be published.