সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন

গৌৰীপুৰত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বি বাৰ্ষিক অধিৱেশন। ধুবুৰী জিলা সমিতিৰ উদ্যোগত গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্ছতৰ মাধ্যমিক বিদ্যায় প্ৰেক্ষাগৃহত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশন পালন কৰা হয়। অধিৱেশনৰ মুকুলি সভাত উপস্থিত থাকে ধুবুৰীৰ জিলাৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ পৰা অহা টেট উত্তীৰ্ণ শিক্ষক- শিক্ষয়িত্ৰী, কেইবাগৰাকী CRCC লগতে উপস্থিত থাকে আমন্ত্ৰিত ব্যক্তি। অধিৱেশনত টেট উত্তীৰ্ণ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া বহু সমস্যা উপস্থাপন কৰে আৰু সেই সমস্যা সমাধান বাবে চৰকাৰলৈ দাবী জনায়। ২০১২ চনৰ পৰাই টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে মূখ্যমন্ত্ৰীলৈ দাবী জনাই আছে যদিও আজিলৈকে হোৱা নাই নিয়মীয়াকৰণ। টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে সকলো শিক্ষক সমাজক সমমৰ্যদা প্ৰদানৰ দাবী জনায়।।

You might also like
Leave A Reply

Your email address will not be published.