শিৱসাগৰ হুদুপৰা খঙীয়াত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

 

শিৱসাগৰ হুদুপৰা খঙীয়াত বন বিভাগৰ সহযোগত খঙীয়া গাঁৱৰ ৰাইজে স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী। জানিব পৰা মতে দীৰ্ঘদিন ধৰি শিৱসাগৰৰ নামতি থানৰ অন্তৰ্গত হুদুপৰাৰ, খঙীয়া, অভয়াপুৰীয়া, খামোন,দেওবিল, তিঙিৰিপাম আদিকে ধৰি বহুকেইখন গাঁৱত প্ৰায় দুবছৰ ধৰি কেইবাটাও নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

মঙ্গলবাৰে সন্ধিয়া বন বিভাগৰ সহযোগত খঙীয়া গাওঁ আৰু অভয়াপুৰীয়া গাঁৱৰ ৰাইজে ঐতিহাসিক বৰফুকন আলিৰ কাষতে স্থাপন কৰে এটা পিঞ্জৰা।পিঞ্জৰাটো স্থাপন কৰা প্ৰায় দুঘন্টা সম্পূৰ্ণ নহওঁতেই পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী।দুৰছৰ ধৰি গাওঁ কেইখনত গৰু, ছাগলী,হাঁহ আদি ভক্ষণ কৰি নাহৰফুটুকীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে নিদ্ৰাহৰন কৰিছিল অঞ্চল বাসীৰ‌।দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা নাহৰফুটুকীটো পিঞ্জিৰা বদ্ধ হোৱাত এতিয়া শ্বস্থিৰ নিশ্বাস পেলাইছে গাওঁ কেইখনৰ ৰাইজে।

গাওঁবাসীয়ে অঞ্চলটোত আৰু কেইবাটাও নাহৰফুটুকী থকা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপোৰ্ট NEBharat24 

You might also like
Leave A Reply

Your email address will not be published.