APDCLৰ আজৱ কাণ্ড

অসমৰ শক্তি বিভাগটোৰ বিভিন্ন আজৱ কাম কাজে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে

অসমৰ শক্তি বিভাগটোৰ বিভিন্ন আজৱ কাম কাজে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । কেতিয়াবা যদি সাধাৰণ গ্ৰাহকলৈ লাখ লাখ টকাৰ বিল পঠিয়াই, কেতিয়াবা বিদ্যুৎ সংযোগ নথকা গ্ৰাহকৰ নামটো যায় বিল । চতিয়াৰ দক্ষিণ অঞ্চলৰ বাংকামাৰী অংগনবাৰী কেন্দ্ৰটোত বহুত দিনৰ আগতেই চতিয়া বিদ্যুৎ বিতৰণ উপ সংমণ্ডলে মিটাৰ সংস্থাপন কৰিছিল, কিন্তু দিয়া নাছিল বিজুলী সংযোগ ।কেন্দ্ৰটোৰ কৰ্মী পৰিচালনা সমিতিয়ে চতিয়া বিদ্যুৎ বিতৰণ উপ সংমণ্ডলক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো সংযোগ লাভ নকৰিলে বিদ্যুৎৰ । আচৰিত কথা যে চতিয়াৰ বাংকামাৰী অংগনবাৰী কেন্দ্ৰটোলৈ প্ৰতি মাহে প্ৰেৰণ কৰে বিদ্যুতৰ বিল । বিদ্যুৎ বিতৰণ বিভাগৰ বিশেষ এপৰ জড়িয়তে ম’বাইলৰে ফটো মাৰি বিল বনোৱা হয় । কিন্তু বিভাগীয় কৰ্মচাৰীয়ে সংযোগ বিহিন মিটাৰত কেনেকৈ বনালে বিল ? এপটোৰ বিশ্বাস যোগ্যতা কিমান এই প্ৰশ্নৰ উত্তৰ আছে নে বিদ্যুৎ বিতৰণ বিভাগৰ হাতত ?

You might also like
Leave A Reply

Your email address will not be published.