পেহেলগামত নিহতৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান

পেহেলগামত নিহতৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান

গুৱাহাটী, ২৫মে: জম্মু-কাশ্মীৰৰ পেহেলগামৰ বৈচাৰণ ভেলীত যোৱা ২২এপ্ৰিলত সন্ত্রাসবাদীৰ গুলীচালনতা নিহত সকলৰ নিকটাত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কৰ্ণাটত উপস্থিত হৈ তিনিটা পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে।
উদ্যোগ মন্ত্রী বড়াই আজি প্ৰথমে বাংগালুৰুৰ পৰা শিৱমোগ্গাত উপস্থিত হৈ পোনে পোনে পেহেলগামত নিহত মঞ্জু নাথ ৰাওৰ বাস গৃহলৈ গৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনৰ লগতে মৃতকৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বাস গৃহতে মন্ত্রী গৰাকীয়ে মঞ্জুনাথ ৰাওৰ পত্নী পল্লৱী ৰাওৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ হৈ সাহায্য ৰাশি পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে।মন্ত্রী বড়াই ৰাওৰ পৰিয়াল বৰ্গৰ সৈতে মত বিনিময়ো কৰে।
পিছ বেলা বাংগালুৰুত উপস্থিত হৈ উদ্যোগ মন্ত্রী বড়াই পেহেলগামৰ নাটকীয় ঘটনাৰ অন্যতম বলি ভাৰতভূষণ(৩৫) ৰ গৃহলৈ যায়। তাত পৰিয়াল বৰ্গক সাক্ষাৎ কৰে আৰু অসম চৰকাৰৰ তৰফৰ পৰা সাহায্য পূঁজিৰ পাচ লাখ টকাৰ চেক মৃতকৰ পত্নী সুজাতাৰ হাতত প্ৰদান কৰে।
ইয়াৰ পিছতে মন্ত্রী বড়াই সন্ত্ৰাসবাদীৰ হাতত নিহত চহৰখনৰ অন্য এগৰাকী ব্যক্তি তথা আই বিএমৰ জ্যেষ্ঠ স্থপতিবিদ চমিছেট্টি মধুসুদন ৰাৱৰ বাংগালুৰুস্হিত বাস গৃহত উপস্থিতহৈ পৰিয়াল বৰ্গক গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মন্ত্রী গৰাকীয়ে ৰাৱৰ পত্নী কামাক্ষীৰ হাতত অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা পাচ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে মত বিনিময়ো কৰে।
মৃতকৰ পৰিয়ালক সাহায্যৰ ধন ৰাশি প্ৰদানৰ সময়ত মন্ত্রী বড়াৰ সৈতে অসম চৰকাৰৰ সচিব কৈলাশ কাৰ্তিকো উপস্থিত আছিল।

You might also like
Leave A Reply

Your email address will not be published.