Assam | Assam Agricultural University: অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য অধ্যাপক দীপজ্য়োতি ৰাজখোৱা

Assam Agricultural University (AAU) has appointed Professor Dipjyoti Rajkhowa as new Vice-Chancellor

যোৰহাট, ১৪ মাৰ্চঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী অধ্যাপক দীপজ্যোতি ৰাজখোৱাক অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৃষি বিজ্ঞানী গৰাকীক নিযুক্তি দিয়াৰ পাছত কালি নৱ নিযুক্ত উপাচাৰ্য গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰে ।

শিক্ষকতা, গৱেষণা, সম্প্ৰসাৰণ আৰু প্ৰশাসনিক দিশত ৩৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ড০ ৰাজখোৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ চতুৰ্দশ সংখ্যক উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰিব ।

উল্লেখযোগ্য যে অধ্যাপক দীপজ্যোতি ৰাজখোৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কৃষি স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ পাছত অসম কৃষি বিশ্ববিদ্যালয়তে সহকাৰী অধ্যাপক, জ্যেষ্ঠ বিজ্ঞানী, অধ্যাপক হিচাপে দায়িত্ব পালন কৰিছিল ।

ইয়াৰ পাছত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মেঘালয়ৰ উমিয়াম স্থিত ৰিচাৰ্চ কমপ্লেক্সৰ প্ৰধান বিজ্ঞানী আৰু মুৰব্বী তথা প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ পৰা বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি নাগালেণ্ড চেণ্টাৰৰ আই চি এ আৰৰ যুটীয়া সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে ।

 

You might also like
Leave A Reply

Your email address will not be published.