Assam | liPS Care : শুকান আৰু ফাটি যোৱা ওঁঠৰ যত্ন কেনেদৰে ল’ব জানেনে ?

liPS Care

ৱেবডেস্ক: আমি বহুতেই নিজৰ ওঁঠজুৰিৰ যত্ন নলও। যাৰ ফলত ওঁঠ ফাটিবলৈ আৰম্ভ কৰে। আমাৰ ওঠজুৰিয়ে মুখমণ্ডলৰ সৌন্দৰ্য্য দুগুণেই বৃদ্ধি কৰে। সুস্বাস্থ্য আৰু উজ্জ্বল ওঁঠৰ বাবে নিতৌ পৰ্যাপ্ত পানী খাওক আৰু ৰ’দৰ পৰা বাচিবলৈ সদায় লিপবাম (lip balm) ব্যৱহাৰ কৰক। গ্ৰীষ্মকালত শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে পানী বাষ্পীভৱন হয়, যাৰ ফলত ওঁঠ শুকান হ’ব পাৰে। গতিকে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো জৰুৰী।

শ্বিয়া বাটাৰ, নাৰিকল তেল, মৌ, জজোবা তেল, আৰু ভিটামিন ই লগাব লাগে তেতিয়া ওঠজুৰি হাইড্ৰেইত আৰু ধুনীয়া হৈ থাকে। আপোনাৰ ছালৰ বাকী অংশৰ দৰেই ওঁঠকো UV সুৰক্ষাৰ প্ৰয়োজন। সেয়ে UV সুৰক্ষাৰ লিপবাম (lip balm) ব্যৱহাৰ কৰক। নিয়মিতভাৱে ওঁঠ স্ক্রাব কৰক। সেই স্ক্ৰাবটো আপুনি ঘৰতে নাৰিকল তেল, ব্ৰাউন চুগাৰ বা কফি আৰু মৌ মিহলাই বনাব পাৰে। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ স্ক্ৰাব কৰিব পাৰে। প্ৰতি নিশা শুই উঠাৰ আগতে লিপ মইশ্ব’ৰাইজাৰ লগাব লাগে। লিপ মইশ্ব’ৰাইজাৰ হিচাবে ওঁঠত নাৰিকল তেলও নিয়মিতভাৱে ব্যৱহাৰ কৰিব পাৰে যাতে শুকান নহয়।

ওঁঠ শুকান হ’বলৈ নিদিব। সদায় ভাল পেট্রোলিয়াম জেলী, ঘিউ বা গাখীৰৰ সৰ ব্যৱহাৰ কৰিব পাৰে। গোলাপী ওঁঠৰ বাবে বিট (Beetroot) ৰস বা নেমুৰ ৰসৰ লগত সামান্য মৌ মিহলাই ওঁঠত লগালে ওঁঠৰ কলা পৰা দাগ নাইকিয়া হৈ গোলাপী ৰং ঘূৰি আহে।

You might also like
Leave A Reply

Your email address will not be published.