তামুলপুৰ, ১৯ মে’, ২০২৬ : তামুলপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত বিটিচিৰ সচিব অনছুলা বসুমতাৰী, এচিএছ-এ সভাপতিত্ব কৰে। সভাত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলক কাম-কাজ, চলি থকা আঁচনি, খালী পদ পূৰণ, প্ৰকল্পসমূহৰ অগ্ৰগতি তথা সমস্যা আদি সম্পৰ্কে বিস্তৃভাৱে পৰ্যালোচনা কৰা হয়। বিশেষকৈ জনকল্যাণমূলক আঁচনিসমূহ সময়মতে আৰু সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

বিভাগসমূহৰ বিষয়াসকলক আঁচনি ৰূপায়ণত অধিক দায়িত্বশীলভাৱে কাম কৰাৰ লগতে সাধাৰণ ৰাইজে যাতে আঁচনিসমূহৰ পূৰ্ণ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিচিৰ সচিবগৰাকীয়ে আহ্বান জনায়। ইয়াৰ উপৰি, বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰি উন্নয়নমূলক কাম-কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো আলোচনা কৰা হয়। বৈঠকত উপস্থিত বিষয়াসকলে নিজ নিজ বিভাগৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ বৰ্তমান অৱস্থা, সমস্যাবোৰ আৰু ভৱিষ্যৎ কৰণীয় সম্পৰ্কে মতামত আগবঢ়ায়। বৈঠকত জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোকনিৰ্মাণ, বন, স্বাস্থ্য, জলসম্পদ, যোগান, হস্ততাঁত, জলসিঞ্চন, কৃষি, সমাজকল্যাণ, শিক্ষা, ভূমি সংৰক্ষণ, মীন, অসম গ্ৰামীণ জীৱিকা অভিযান, পৰিবহণ আদি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।