Assam| Street Dog : বাটৰ কুকুৰ মাৰি পেলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

গুৱাহাটী: বাটৰ কুকুৰ সন্দৰ্ভত অৱশেষত ঐতিহাসিক ৰায় প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চতম ন্যায়ালয়ে এক নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে
যিসমূহ বাটৰ কুকুৰ ৰেবিছ আক্ৰান্ত, বেমাৰী তথা মানুহক কামুৰিবলৈ উদ্যত হয় তেনে কুকুৰ সমূহ মাৰি পেলাব লাগে। দিল্লীত এটি ৬ বছৰীয়া শিশুক কুকুৰে কামুৰি
নিহত কৰাৰ পিছতেই উচ্চতম ন্যায়ালয়ে নিজাববীয়া গোচৰ ৰুজু কৰি বাটৰ কুকুৰৰ পৰা জনসাধাৰণক কিদৰে পৰিত্ৰাণ দিব পাৰি সেই সন্দৰ্ভত শুনানি চলাই আছিল।
এই ক্ষেত্ৰত কোনো পক্ষই যদি আবেদন বা মতামত শপনামা যোগে দাখিল কৰিব খোজে তেন্তে কৰিব পাৰে।

একাংশ কুকুৰ প্ৰেমীয়ে নানা যুক্তি দৰ্শাই বাটৰ কুকুৰৰ ক্ষেত্ৰত ন্যায়ালয়ক কঠোৰ নহ’বলৈ অনুৰোধ জনায়। কিন্তু ন্য়ায়ালয়ে মংগলবাৰে কঠোৰ ৰায় প্ৰদান কৰি স্পষ্ট কৰি দিয়ে যে এচাম বাটৰ কুকুৰৰ বাবে মানুহৰ জীৱন বিপদাপন্ন হৈ পৰিছে। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈ বহুলোক বাটৰ কুকুৰ আক্ৰমণৰ বলি হৈছে আৰু অতি কৰুণভাৱে বহুজনে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত শিশু, ছাত্ৰ-ছাত্ৰী আছে।

ADVERTISEMENT

সেয়ে উচ্চতম ন্যায়ালয়ে অত্যন্ত কঠোৰ নীতি অৱলম্বন কৰি শীঘ্ৰেই ৰাজপথ, বিদ্যালয়, হাস্পতাল, বাছ আস্থান, খেলপথাৰ আদি স্থানৰ পৰা সকলো ৰাজ্য চৰকাৰ-কেন্দ্ৰীয় শাসিত অঞ্চলক বাটৰ কুকুৰ আঁতৰোৱাৰ বাবে নিৰ্দেশ দিয়ে। তদুপৰি ন্যায়াধীশ বিক্ৰম নাথ, ন্যায়াধীশ সন্দীপ মেহতা, ন্যায়াধীশ এন বি আঞ্জাৰিয়াৰ বিচাৰপীঠে বাটৰ কুকুৰ ৰখাৰ বাবে ৰাজ্য চৰকাৰক আশ্ৰয়স্থল নিৰ্মাণ কৰিবলৈও নিৰ্দেশ দিয়ে।

হাস্পতালসমূহত পৰ্যাপ্ত ৰেবিচ ভেকচিন মজুত ৰখা, অভিজ্ঞ ব্যক্তিৰ দ্বাৰা বাটৰ কুকুৰ আঁতৰ কৰা, বাটৰ কুকুৰৰ জন্ম নিয়ন্ত্ৰণৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। একাংশ কুকুৰপ্ৰেমীয়ে উচ্চতম ন্যায়ালয়ক বাটৰ কুকুৰৰ ক্ষেত্ৰত SOP জাৰি কৰাৰ বাবে অনুৰোধ জনাইছিল যদিও সেই আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ৰ লগতে কয় যে কোনো চৰকাৰী বিষয়াই যদি ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰণ কৰি বাটৰ কুকুৰ হত্যা বা আঁতৰোৱাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ এজাহাৰ-গোচৰ ৰুজু নহ’ব। উল্লেখ্য যে সমগ্ৰ দেশতে এতিয়া বাটৰ কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। বাটৰ কুকুৰে আক্ৰমণ কৰাৰ অতি কৰুণ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকাটো সৰ্বজনবিদিত। ৰাজ্য চৰকাৰ সমূহে এতিয়া ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

You might also like
Leave A Reply

Your email address will not be published.