NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ চৌদিশে প্ৰতিবাদ, চৰ্চা অব্যাহত আছে। ২২ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি এটা দুষ্টচক্ৰই কৰা কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ।পিছে কেনেকৈ এই সমগ্ৰ ঘটনা পোহৰলৈ আহিল? এজন শিক্ষকৰ সাহসীকতা, সততা, নিষ্ঠাৰ বাবেই পোহৰলৈ আহিল এই ভয়ংকৰ কাণ্ড। ৰাজস্থানৰ চিকাৰত কোচিং চেন্টাৰ চলাই থকা এজন শিক্ষকৰ কাষলৈ NEETৰ পৰীক্ষা দি লৰাঢপৰাকৈ গৈছিল এজন ছাত্ৰ।
এয়া ৩ মে’ৰ কথা। পৰীক্ষা ভাল হোৱা বুলি খবৰ দিয়াৰ লগতে ছাত্ৰজনে মোবাইলত থকা দুটা পিডিএফ ফাইল দেখুৱাই শিক্ষকজনক। নিৰাপত্তাজনিত কাৰণত শিক্ষক আৰু ছাত্ৰজনৰ নাম ৰাজহুৱা কৰা হোৱা নাই। শিক্ষকজনে প্ৰথমে ছাত্ৰজনে দেখুওৱা পিডিএফ ফাইল দুটাক বিশেষ গুৰুত্ব দিয়া নাছিল যদিও পিছত আন এজন সহযোগী শিক্ষকৰ দ্বাৰা পিডিএফ ফাইল দুটা ভালদৰে চকু ফুৰাই দেখে যে ৩ মে’ত অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সৈতে ১৩৫টা প্ৰশ্ন হুবহু একে আছে। ঘটনা বিষম দেখি শিক্ষকজনে ছাত্ৰজনক ক’ৰ পৰা এই পিডিএফ ফাইল লাভ কৰিছে বুলি জানিব বিচাৰে। ছাত্ৰজনে ঘৰৰ মালিকে পৰীক্ষাৰ আগদিনাৰ নিশা ফাইল দুটা ফৰৱাৰ্ড কৰা বুলি জনাই শিক্ষকজনক।https://adtu.in/

দুয়ো শিক্ষকে প্ৰায় ৩ ঘন্টা প্ৰশ্নকাকত দুখন পুনৰবাৰ ভালদৰে পৰীক্ষা কৰি দেখে যে কেমেষ্ট্ৰিৰ ৪৫টা আৰু বায়’লজিৰ বিষয়ৰ ৯০টা প্ৰশ্ন মূল প্ৰশ্নকাকতৰ সৈতে মিল আছে। কেমেষ্ট্ৰিৰ ৬০ পেজৰ স্কেন পে’জ আৰু বায়’লজিৰ ৮৭ পৃষ্ঠাৰ স্কেন পিডিএফ ফাইল দুটা ঘৰৰ মালিকক পৰীক্ষাৰ আগদিনা ৰাতি প্ৰায় ১১ বজাত দিছিল কেৰালামত মেডিকেল পঢ়ি থকা তেওঁৰ পুত্ৰই। বিষয়টো পোহৰলৈ অহাৰ পিছতেই শিক্ষকজনে প্ৰথমতে সাংবাদিকক অৱগত কৰে যদিও সাংবাদিকে ইয়াৰ বাবে প্ৰথমে আৰক্ষীক অৱগত কৰাটো জৰুৰী বুলি জনাই শিক্ষকজনক।
ইয়াৰ পিছত শিক্ষকজন আৰক্ষীৰ কাষ চাপে যদিও থানাত ষ্টেচন হাউচ অফিচাৰ নথকাৰ বাবে দাখিল কৰিব নোৱাৰিলে। পিছত থানালৈ যোৱাৰ পৰিৱৰ্তে শিক্ষকজনে ৭ মে’ত ছাত্ৰজনৰ জ্ঞাতেই NEET পৰীক্ষা আয়োজন কৰা নেচনেল টেষ্টিং এজেন্সি লৈ সমষ্ট তথ্যসহ ই-মেইল কৰে। ছাত্ৰজনৰ নামত নেচনেল টেষ্টিং এজেন্সিলৈ কৰা ই-মেইলৰ পিছতেই পোহৰলৈ আহে NEET পৰীক্ষাৰ নামত হোৱা ভয়ংকৰ চক্ৰান্ত।
ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ২ মূল অভিযুক্ত মনীষা মান্ধাৰে আৰু পি ভি কুলকাৰ্নী। লগতে গ্ৰেপ্তাৰ হৈছে কেইবাজনো পৰীক্ষাৰ্থী। লগতে আছে এখন বিউটি পাৰ্লাৰৰ স্বাত্বাধিকাৰী মনীষা ৱাঘমাৰে। এজন শিক্ষকে পোহৰলৈ অনা এই ভয়ংকৰ কাণ্ডৰ উতপত্তিস্থল যে ৰাজস্থানৰ পৰিৱৰ্তে আন ঠাই আছিল সেয়াও ইতিমধ্যে নিশ্চিত কৰিছে CBI-এ। ৰাজস্থানৰ এই সাহসী শিক্ষকজনৰ কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে।