ASSAM| Woman kills lover with husband’s help, stuffs body into drum: পৰকীয়া প্ৰেম, ইঞ্জিনিয়াৰ সোমাল নীলা ড্ৰামত

ASSAM| Woman kills lover with husband’s help, stuffs body into drum: পৰকীয়া প্ৰেম, ইঞ্জিনিয়াৰ সোমাল নীলা ড্ৰামত

নিউজ ডেস্ক : মুম্বাইত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ২৬ বছৰীয়া ইঞ্জিনিয়াৰ আৰবাজ মাকছুদ আলী খানে কাম কৰিছিল এটা ৰিয়েল ইষ্টেট কোম্পানীত। আৰবাজ ২০২১ চনত প্ৰেমত পৰে বিবাহিত মেহজেবিন খাটুন এক্ৰাণ শ্বেইখ(২৫)ৰ সৈতে।দুয়োৰে প্ৰেমৰ সম্পৰ্ক এটা সময়ত অতি ঘনিষ্ঠ হয় আৰু পৰৱৰ্তী সময়ত প্ৰেমৰ পৰা ধন দাবীলৈ পৰ্যৱেশিত হয়। মেহজেবিনে বছৰটোৰ বিভিন্ন সময়ত কেইবাবাৰো আৰবাজক ধন বিচাৰি ফোন কৰে আৰু সেইমতে আৰবাজে ধন দি থাকে মেহজেবিনক।

এনেদৰে দিনবোৰ পাৰ হোৱাৰ পিছত হঠাতে যোৱা ৩ এপ্ৰিলত মুম্বাইৰ দাদৰ এলেকাৰ পৰা নিৰুদ্দেশ হয় আৰবাজ। আৰবাজৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে আৰক্ষী থানাত। আৰক্ষীয়ে আৰবাজৰ শুংসূত্ৰ উলিয়াই এটা নলাত নীলা ড্ৰামৰ ভিতৰত উদ্ধাৰ কৰে মৃতদেহ।

ADVERTISEMENT

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে নিৰুদ্দেশ হোৱাৰ আগদিনা মেহজেবিনলৈ ৫০ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিছিল আৰবাজে। ইয়াৰ পাছতেই আৰবাজক নিজৰ ঘৰলৈ মাতি নিছিল মেহজেবিনে।ঘৰলৈ মাতি নি ৪ জন লোকৰ সহযোগত প্ৰেমিক আৰবাজক হাত-ভৰি বান্ধি বেয়াকৈ মাৰপিট কৰে।

স্বামী হাছান শ্বেইখ, ভাতৃ তাৰিক শ্বেইখ আৰু মোজ্জাম পাঠান নামৰ এজন যুৱকৰ সৈতে মিলি ঘৰতে বান্ধি বেয়াকৈ মাৰপিট কৰাত ঘটনাস্থলীতে নিহত হয় আৰবাজ।

এই ঘটনা গাপ দিয়াৰ বাবে আৰবাজৰ নিথৰ দেহ এটা নীলা ড্ৰামত ভৰাই পেলাই দিয়ে জনশূন্য নলাত। মুম্বাই ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকা মেহজেবিন আৰু তাৰিকক। বৰ্তমানেও পলাতক স্বামী হাছান আৰু আনজন হত্যাকাৰী মোজ্জাম।

You might also like
Leave A Reply

Your email address will not be published.