গুৱাহাটী : মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰ নিৰ্বাচিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে প্ৰথমবাৰ উপস্থিত হয় দিল্লীত। কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ উদ্দেশ্যে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ভ্ৰমণে স্বাভাৱিকতে নৱ নিৰ্বাচিত বিধায়কসকলক অধিক উদগ্ৰীৱ হৈ পৰিছে। মন্ত্ৰীত্বৰ আশাত থকা কেইবাজনো বিধায়কে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে ভাগ্য মুকলি কৰিব বুলি আশা কৰিছে। আন একাংশ আকৌ মন্ত্ৰীত্ব লাভত প্ৰায় নিশ্চিত হৈ আছে। দিল্লীত উপস্থিত হোৱাৰ সময়তেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ সন্দৰ্ভটো বিশেষ ঘোষণা কৰে।

সেই অনুসৰি ১৪৫৯ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বৃহৎ আঁচনি গ্ৰহণ কৰে চৰকাৰে। ১৪৫৯ কোটি টকা টকাৰ ভিতৰত বাহিনী নৈৰ বাবে ৫০০.৯৫ কোটি টকা আৰু ভৰলু নদীৰ বাবে ৯৫৮.১০ কোটি টকা ব্যয় কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰা মতে ভৰলুমুখত এটা স্বয়ংক্ৰীয় পাম্পিং ষ্টেচন স্থাপন কৰা হ’ব। ইয়াৰ লগতে নদীৰ সৈতে সংযোগ কৰি স্মাৰ্ট RCC নলা নিৰ্মাণ কৰা হ’ব। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰ কথা পুনৰ উল্লেখ কৰাটো অপ্ৰয়োজনীয়।এজাক বৰষুণ হ’লেই পানীত বুৰ যায়। এই সমস্যা সমাধানৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে যদিও সময়তহে স্পষ্ট হ’ব আঁচনিৰ ফলপ্ৰসূ হয় নে নহয়।