দিছপুৰ, ২০ মে’: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সহযোগত আৰু সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ উদ্যোগত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা সৰ্বমুঠ ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
আজি সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত তীক্ষ্ণ মেধাসম্পন্ন আৰু প্ৰবল ইচ্ছাশক্তিৰে পৰিপূৰ্ণ এই ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগুৱাৰ অৰ্থে সঞ্চালক সুস্বপ্না কাকতিয়ে ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে।https://adtu.in/

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ উপস্হিত থাকে গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ভবেন বৰ্মন আৰু গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰূপমা ভট্টাচাৰ্য, চকু চিকিৎসক ডাঃ বিজুলী গোস্বামী, ৰটাৰী ক্লাবৰ সভাপতি ৰৱি দত্ত আৰু চি আৰ চি মবিলিটী ইনষ্ট্ৰাকটৰ সুপ্ৰিয়া ৰাভা।
দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সুন্দৰকৈ পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সকলো প্ৰতিবন্ধকতা নেওচি সমাজত আন ছাত্ৰ-ছাত্ৰীৰ দৰে ই সুপ্ৰতিষ্ঠিত হোৱাৰ বাবে উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়েই ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিতুৰাজ দাসৰ লগতে কেইবাগৰাকীও কৰ্ম -কৰ্তা তথা বিষয়ববীয়া উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে।