গুৱাহাটী, ২৪ মে ২০২৬: ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূর্ব জয়লাভৰ পিছতে বিধানসভালৈ নির্বাচিত ৮২ গৰাকী বিধায়কক অভিনন্দন আৰু উৎসাহ যোগাবলৈ অহা ২৬ মে’ মঙ্গলবাৰে সন্ধিয়া ৬ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এক বিশেষ সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
তদুপৰি সেইদিনাখন পুৱা ১০ বজাৰ পৰা শ্ৰীশ্ৰী দামোদৰদেৱ প্রেক্ষাগৃহত জিলা আৰু মণ্ডল সভাপতি সকলৰ উপস্থিতিত এক বিশেষ সাংগঠনিক সভাও অনুষ্ঠিত হ’ব। ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দলৰ ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি তথা ৰাজ্যৰ ৪৩৩ টা মণ্ডলৰ সভাপতি সকলকো এই সভাতে বিশেষ সম্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হ’ব বুলি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতি যোগে দলৰ মুখপাত্র প্রাঞ্জল কলিতাই জানিবলৈ দিয়ে। 
ক্রমাগত তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ সফলতাৰ আঁৰত থকা মূল ব্যক্তিসকলেই হৈছে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল। ৰাজ্যৰ ৩১,৪৮৬ টা বুথৰ ৬৫ লাখ সদস্য আৰু প্রায় ৭২ হাজাৰ সক্রিয় কাৰ্যকৰ্তাৰ একনিষ্ঠ সেৱা আৰু দিনে নিশাই কৰা নেৰা নেপেৰা প্ৰচেষ্টাৰ বলতে অমসত ভাৰতীয় জনতা পার্টিয়ে প্রচণ্ড বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
২০২১ চনৰ তুলনাত ৫ শতাংশ ভোট বৃদ্ধিৰে ২০২৬ চনত ৩৮ শতাংশ ভোট লাভেৰে অসমবাসী ৰাইজৰ পুনৰ সেৱা কৰাৰ সুযোগ লাভ কৰা ভাৰতীয় জনতা পার্টিক সমগ্ৰ ৰাজ্যতে সম্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা জিলা আৰু মণ্ডল সভাপতি সকলক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰাই নহয়, তেওঁলোকৰ ত্যাগক স্বীকৃতি প্রদান কৰাৰ লগতে দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে দলটোরে এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা বুলি মুখপাত্ৰ গৰাকীয়ে মত ব্যক্ত কৰে।
উল্লেখযোগ্য যে এই সভাত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল, কেন্দ্রীয় ৰাজ্য মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বিজেপিৰ ৰাজ্যিক বিষয়-ববীয়া, দলৰ মৰ্চাৰ ৰাজ্যিক সভাপতি, প্রাক্তন ৰাজ্যিক সভাপতি, সাংসদ, প্রাক্তন সাংসদ আৰু প্রাক্তন বিধায়ক, মুখপাত্র, মিডিয়া পেনেলিষ্ট, বিভিন্ন কোষ আৰু বিভাগৰ আহ্বায়ক আৰু সহ-আহ্বায়ক, জিলা সভাপতি, জিলা প্ৰভাৰী, জিলা সহ-প্ৰভাৰী, মৰ্চাৰ ৰাজ্যিক বিষয়-ববীয়া, বিধানসভা তত্বাবধায়ক আৰু বিধানসভা সংযোজক, মণ্ডল সভাপতিসকলৰ লগতে অন্যান্য বিশেষভাৱে আমন্ত্রিত অতিথিসকলো উপস্থিত থাকিব।