ASSAM| Chargeframe in Zubeen Garg murder case: জুবিন গাৰ্গ হত্যা গোচৰৰ চাৰ্জফ্ৰেম

ASSAM| Chargeframe in Zubeen Garg murder case: জুবিন গাৰ্গ হত্যা গোচৰৰ চাৰ্জফ্ৰেম

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াই মঙলবাৰে আন এক গতি লাভ কৰিলে। ফাষ্টট্ৰেক আদালতে আটাইসকল অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম কৰে। সেই অনুসৰি ৭ অভিযুক্তৰ বিৰুদ্ধে আদালতে কি কি ধাৰাত শুনানি চলিব তাৰ ঘোষণা কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়া মতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩(৬), ৩(৭), ৩(৮), ৬১(২), ১০৩(১), ৬১(২) আৰু ৩১৬(৫) ধৰাৰ অধীনত বিচাৰ চলিব।

একেদৰে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৩(৬), ৩(৭), ৩(৮), ৬১(২), ১০৩(১), ৩০৮(২), ৩১৮ (৪) আৰু ২৩৮ ধৰাৰ অধীনত বিচাৰ চলিব। শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে ৩(৬), ৩(৭), ৩(৮), ৬১(২), ১০৩(১) আৰু ৩১৬(৫) বিচাৰ চলিব। আদালতে অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩(৬), ৩(৭), ৩(৮), ৬১(২), ১০৩(১) আৰু ২৩৮ ধাৰা সন্নিৱিষ্ট কৰিছে।https://adtu.in/

ASSAM| The state BJP will felicitate 82 newly elected MLAs on May,26: ২৬ মে'ত নৱ নিৰ্বাচিত ৮২ গৰাকী বিধায়কক সম্বর্ধনা প্রদান কৰিব ৰাজ্যিক বিজেপিয়ে
ASSAM| The state BJP will felicitate 82 newly elected MLAs on May,26: ২৬ মে’ত নৱ নিৰ্বাচিত ৮২ গৰাকী বিধায়কক সম্বর্ধনা প্রদান কৰিব ৰাজ্যিক বিজেপিয়ে

প্ৰয়াত শিল্পীগৰাকীৰ ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা সন্নিৱিষ্ট কৰে। দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ৬১(২), ৩১৬(৫) ধাৰাত চাৰ্জফ্ৰেম কৰে। এই ধাৰাসমূহ হৈছে কেইবাজনো ব্যক্তিয়ে একত্ৰিত হৈ অপৰাধ কৰা, হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, ধনদাবী, প্ৰৱঞ্চনা আদি সম্পৰ্কীয়। আদালতে চাৰ্জফ্ৰেম কৰাৰ পিছতেই পত্নী গৰিমা শইকীয়া গাৰ্গে আশা ব্যক্ত কৰিছে যে অভিযুক্তই উচিত শাস্তি লাভ কৰিব।

অহা ৮ জুনৰ পৰা আদালতত ৭ অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতে গোচৰীয়া পক্ষৰ যুক্তি শুনাৰ পিছতেই ভাৰতীয় ন্যায় সংহিতাৰ এই ধাৰাসমূহত চাৰ্জফ্ৰেম কৰাৰ অনুমতি দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.