তামুলপুৰ, ২০২৬ : ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া “লোকপিয়ল-২০২৭” সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ অধিসূচনা ইতিমধ্যে জাৰি কৰা হৈছে। এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে তামুলপুৰ জিলা প্ৰশাসনকো সস্তম হোৱা দেখা গৈছে। অসম চৰকাৰে ৭ জানুৱাৰী, ২০২৬ তাৰিখে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ সময়সূচী সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছিল। তথ্য অনুসৰি গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰাৰ কাম ১৭ আগষ্ট, ২০২৬-ৰ পৰা আৰম্ভ কৰিব আৰু ৩০ দিন ধৰি চলিব।

অৰ্থাৎ অহা ১৫ ছেপ্টেম্বৰ, ২০২৬-ত এই কাৰ্যসূচী সম্পন্ন হ’ব। লগতে https://se.census.gov.in প’ৰ্টেলযোগে নিজেই নিজৰ তথ্য দাখিল কৰাৰ ব্যৱস্থা ২ আগষ্ট, ২০২৬-ৰ পৰা ১৬ আগষ্ট, ২০২৬ লৈকে উপলব্ধ থাকিব। উল্লেখ্য যে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰাৰ ১৫ দিনৰ আগতে ইচ্ছুকসকলে অনলাইনযোগে নিজৰ তথ্য দাখিলৰ কাম কৰিব পাৰিব। উল্লেখ্য যে যিসকল নাগৰিকে নিৰ্দিষ্ট প’ৰ্টেলত নিজৰ তথ্যসমূহ আপলোড কৰিব, আপলোড কৰাৰ পাছত তেওঁলোকে নিজৰ নামত এটা ”আই ডি” (Self Enumeration ID) পাব। সেইটো গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ’ব। তামুলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিকক লোকপিয়লৰ কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।