গুৱাহাটী, ৩১ মে ২০২৬: ভাৰতবৰ্ষৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্রিয় অনীতাৰ অনুষ্ঠান “মন কী বাত”ৰ আজি ১৩৪ সংখ্যক খণ্ডটি সমগ্র দেশজুৰি প্ৰচাৰ হয়। এই খণ্ডটিৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতবৰ্ষত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধিৰ কথা উল্লেখ কৰি সকলোকে দেশীয় পানীয় বিশেষকৈ দৈ, বেলৰ চৰ্বতৰ সোৱাদ গ্ৰহণ কৰাৰ লগতে অধিক পৰিমাণে পানী সেৱন কৰা, ৰ’দত অনাহক ঘৰৰ বাহিৰলৈ ওলাই নাযাবলৈ আহ্বান জনায়। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত উৎপাদিত আমৰ কেইবাটাও প্ৰজাতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আম উৎপাদনৰ লগত জড়িত কৃষক সকললৈ শুভেচ্ছা জ্ঞাপন কৰে।
গ্ৰীষ্মৰ প্ৰতি লবলগীয়া সাৱধানতা সম্পর্কে চৰকাৰে বিভিন্ন বিভাগলৈ জাৰী কৰা নির্দেশসমূহ জনতাক মানি চলিবলৈ পৰামৰ্শ আগবঢ়ায়। অলপতে নেডাৰলেণ্ড ভ্ৰমণলৈ যাওতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে সকলো ভাৰতীয় প্রাচীন তাম্ৰপত্ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতাই দিয়ে। এই তাম্ৰপত্ৰসমূহত খোদিত ভাৰতবৰ্ষৰ প্ৰাচীন চোলা সাম্ৰাজ্যৰ সমৃদ্ধিমূলক ইতিহাসৰ কথা উল্লেখ আছে বুলি প্রধানমন্ত্রী গৰাকীয়ে শ্ৰদ্ধাৰে মন্তব্য কৰে। লগতে চত্তিচগড়ত তিনিখন দুর্লভ তাম্রপত্র পোৱা গৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৪০০ বছৰ পুৰণি পালি ভাষাত লিখা এই তাম্রপত্রসমূহত সেই সময়ৰ অৰ্থনৈতিক অৱস্থা আৰু বিভিন্ন সাংস্কৃতিক সমলৰ উল্লেখ আছে বুলি “মন কী বাত’ত উল্লেখ কৰে।

ভাৰতবৰ্ষৰ পৌৰাণিক জোতিষ চৰ্চাৰ উল্লেখেৰে ভাৰতবৰ্ষত গ্যাণিতিক জোতিষ বিজ্ঞান (Mathemetical Astronomy) ৰ সূত্ৰ আৱিস্কাৰ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোতিষ বিজ্ঞানৰ চৰ্চাৰ লগত জড়িত বাংগালুৰুৰ Banglore Astronomical Society, কেৰেলামৰ Astro Kerelam, ৰাজকোটৰ Big Bang Astronomy, জোর্তিবিদ্যা পৰিসংখ্যা সংস্থাৰ সৈতে ৰাষ্ট্ৰজুৰি সংযুক্ত কৰি জোর্তিবিজ্ঞান (Astronomy) আৰু জোর্তিবিজ্ঞান আৰু পদার্থবিজ্ঞান (Astro Physics) ক আগুৱাই নিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে ভাৰতবৰ্ষৰ যুৱ সমাজক Astronomy Club ৰ সৈতে জড়িত হ’বলৈ আহ্বান জনায়।
ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক প্রেছ বিবৃতি জৰিয়তে দলৰ মিডিয়া পেনেলিষ্ট অমল নাৰায়ণ পাটোৱাৰীয়ে কয় যে অসমৰ ৩৯ খন জিলাৰ ৪৩৩ টা মণ্ডলৰ ২৫ হাজাৰতকৈও অধিক বুথত বিজেপিৰ লক্ষ লক্ষ কাৰ্যকৰ্তাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” শ্রৱণ কৰে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কলকাতাত বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে “মন কী বাত” কাৰ্যসূচীত অংশগ্ৰহণ কৰে।