ASSAM | Devarshi Narad Jayanti Award-2026 : দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৬

ASSAM | Devarshi Narad Jayanti Award-2026 : দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৬

 নিউজ ডেস্ক: দেশ তথা সমাজৰ প্ৰতিকুল পৰিস্থিতিত ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যমে ৷ বহুক্ষেত্ৰত সংবাদ মাধ্যমে চৰকাৰ বিৰোধী ভূমিকা গ্ৰহণ কৰি সুস্হ গণতন্ত্ৰ চলাই নিয়াৰ ক্ষেত্ৰত বিশেষ কৰ্তব্য পালন কৰে ৷ বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদ মহাপ্ৰভুৱেও সমাজক বিভিন্ন দিশত সজাগ সচেতন কৰাৰ ক্ষেত্ৰত  মুখ্য ভুমিকা গ্ৰহণ কৰিছিল ৷

এনে এক ভাবাদর্শৰে বিশ্ব সংবাদ কেন্দ্র, অসমে প্ৰতিবছৰে দেৱৰ্ষি নাৰদ জয়ন্তী উদযাপন কৰি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি এগৰাকী বিশিষ্ট সাংবাদিকক দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান কৰাৰ লগতে দুই-চাৰি গৰাকী সাংবাদিকক ৰাজহুৱাভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰি আহিছে ।

এই উদ্দেশ্য আগত ৰাখি এইবেলি দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৬ বৰ্ষৰ বাবে নিৰ্বাচিত কৰা হৈছে অসমৰ জ্যেষ্ঠ সাংবাদিক তথা ঈশান দৰ্পনৰ সম্পাদক নৱ ঠাকুৰীয়াক । আনহাতে, দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে অসমৰ তিনি গৰাকী সাংবাদিকক বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ কথা ঘোষণা কৰিছে বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে।

এক প্ৰেছ বাৰ্তা যোগে বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিয়া অনুসৰি, দেৱৰ্ষি নাৰদ জয়ন্তী উপলক্ষে বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰিবলগীয়া তিনি গৰাকী সাংবাদিক ক্ৰমে, এন, কে টি ভি ৰ জ্যেষ্ঠ সাংবাদিক লক্ষজিৎ গোঁহাই, প্ৰথম খবৰৰ ছীফ ৰিপ’ৰ্টাৰ ৰঞ্জিতা ৰাভা আৰু দৈনিক অসম কাকতৰ উপ সম্পাদক মৃদুল হালৈ ।

 

https://adtu.in/
ADVERTISEMENT

 

আনহাতে, দেৱৰ্ষি নাৰদৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰৰ দৰে এইবেলিও বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ উদ্যোগত অহা ৭ জুন ৰবিবাৰে পুৱা ১০’৩০ বজাত গুৱাহাটীৰ বৰবৰীস্হ সুদৰ্শনালয়ত আয়োজন কৰা হৈছে এক বিশেষ বক্তৃতানুষ্ঠান ৷

উক্ত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব দিল্লীস্হ দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা বাতৰি পৰিৱেশক তথা বিশিষ্ট সাংবাদিক প্ৰখৰ শ্ৰীবাস্তব । উক্ত অনুষ্ঠানতে দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা-২০২৬ প্ৰদান কৰাৰ লগতে আন তিনি গৰাকী সাংবাদিকক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হব।

উল্লেখ্য, বিশ্ব সংবাদ কেন্দ্ৰ , অসমে ২০১৫ চনৰ পৰাই ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, কনকসেন ডেকা, মহেন্দ্ৰ বৰুৱা, শশী ফুকন, অনিল বৰুৱা, গৌতম শৰ্মা, ৰূপম বৰুৱা, প্ৰশান্ত জ্যোতি বৰুৱা আৰু বিগত বৰ্ষত শান্তনু তামুলীক দেৱৰ্ষি নাৰদ বঁটা প্ৰদান কৰা হৈছে ৷

অৱশ্যে, কভি’ড মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ বৰ্ষত উক্ত অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নগ’ল ৷ স্মৰ্তব্য, দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা আৰু সম্বৰ্ধনাত নগদ ধনৰ লগতে মানপত্র , কিতাপৰ টোপোলা আদি প্ৰদান কৰা হব বুলি বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে একেটা প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।

You might also like
Leave A Reply

Your email address will not be published.