Assam| Guwahati city’s shops: গুৱাহাটী মহানগৰীৰ পদ পথৰ খুচুৰা দোকানবোৰ সুৰিক্ষত কৰা হ’ব খিলঞ্জীয়াৰ বাবে

গুৱাহাটী, ১৪ জুন ২০২৬: গুৱাহাটী মহানগৰীৰ পদ পথৰ খুচুৰা দোকানবোৰত চলিব খিলঞ্জীয়াৰ প্ৰভুত্ব। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত এক জৰীপৰ ভিত্তিত অচিনাকি তথা বহিৰাগত লোকৰ হাতত থকা খুচুৰা দোকানসমূহক নাকি লগোৱাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। যোৱা ১৩ জুন তাৰিখে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা মিডিয়া কনক্লেভত উক্ত কথা সদৰী কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। আজি বিজেপিৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ মুখপাত্র ব্রজেন মহন্তই নৱনিযুক্ত এনডিএ চৰকাৰৰ এই অভিনৱ পদক্ষেপক আদৰণি জনায়। উল্লেখযোগ্য যে গুৱাহাটীত প্রায় ১ লাখতকৈও অধিক লোকে সম্পূর্ণ অবৈধভাৱে পদপথ সমূহ দখল কৰি ব্যৱসায় চলাই আহিছে।

উল্লেখযোগ্য যে এই সকল লোকৰ ৮০ শতাংশতকৈও অধিক লোক অচিনাকি অথবা বহিৰাগত। এই অচিনাকি তথা বহিৰাগত লোকসকলে দৈনিক হাজাৰ হাজাৰ টকাৰ ব্যৱসায় কৰে অথচ চৰকাৰলৈ এটকাও কৰ প্রদান নকৰে। গুৱাহাটী মহানগৰীৰ অধিকাংশ বাসিন্দা খিলঞ্জীয়া হোৱাৰ বিপৰীতে ব্যৱসায়-বাণিজ্যসমূহ ক্রমে অচিনাকি আৰু বহিৰাগত লোকৰ হাতলৈ গৈছে। কোনোধৰণৰ নীতি নির্দেশনা নমনাকৈ এই অচিনাকি আৰু বহিৰাগত লোকসকলে যধে মধে পদপথ সমূহ দখল কৰি সমগ্ৰ গুৱাহাটীতে এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ব্যৱহৃত সামগ্রীসমূহে নলা-নর্দমা বন্ধ কৰি পেলোৱাৰ ফলত কৃত্রিম বানপানীৰো সৃষ্টি হোৱা দেখা গৈছে। লগতে যধে মধে স্থাপন কৰা এই দোকানসমূহে ব্যাপক যানযটৰো সৃষ্টি কৰে। গতিকে এই লোকসকলক নাকি লগাই এক ব্যৱস্থিত প্ৰক্ৰিয়াৰ মাজেৰে কেৱল খিলঞ্জীয়া লোকেহে গুৱাহাটীত ব্যৱসায় কৰাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ জৰীপৰ ব্যৱস্থা কৰা হ’ব বুলি মুখপাত্র গৰাকীয়ে উল্লেখ কৰে।

https://adtu.in/
ADVERTISEMENT

ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পদপথৰ ব্যৱসায়সমূহক সংগঠিত কৰি নৱ-নির্মিত উৰণসেতু সমূহৰ লগতে প্রশাসনে নির্দিষ্ট কৰি দিয়া অন্যান্য ঠাইত কেৱল খিলঞ্জীয়াৰ বাবেহে ব্যৱসায়ৰ অনুমতি প্রদানৰ কথা ঘোষণা কৰিছে। আনহাতে যোৱা ১৩ জুন তাৰিখে অসমৰ চৰকাৰৰ তৃতীয়খন কেবিনেটত ১৮ বছৰ উৰ্দ্ধৰ লোকৰ বাবে আধাৰ কাৰ্ডৰ বাবে নামভর্তি নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্রহণ কৰে। অসম চৰকাৰৰ এই পদক্ষেপকো ৰাজ্যিক বিজেপিয়ে আদৰণি জনায়। অসমৰ সুৰক্ষা, খিলঞ্জীয়াৰ অধিকাৰ আৰু ভৱিষ্যৎ ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এই সিদ্ধান্ত ঐতিহাসিক আৰু সাহসী পদক্ষেপ বুলি মুখপাত্ৰ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

এই পদক্ষেপৰ জৰিয়তে অসমলৈ দৈনিক প্ৰব্ৰজন কৰি থকা পূর্ববংগীয় তথা বহিৰাজ্যৰ লোকসকলে আধাৰ পঞ্জীয়নৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভিন্ন সুবিধাসমূহ ভোগ কৰি থকাৰ বাট বন্ধ হ’ব। অদূৰ ভৱিষ্যতে ৰাজ্যৰ ব্যৱসায়-বাণিজ্য, চাকৰি তথা অন্যান্য সকলো ক্ষেত্ৰতে অসমৰ খিলঞ্জীয়া ৰাইজেহে সুবিধা লাভ কৰিব। খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বিজেপিৰ নেতৃত্বাধীন এনডিএ চৰকাৰে কোনোধৰণৰ আপোচ নকৰে বুলিও মুখপাত্ৰ গৰাকীয়ে মত ব্যক্ত কৰে। আজিৰ সংবাদমেলত বিজেপি দলৰ আন দুগৰাকী মুখপাত্র বনেন্দ্ৰ কুমাৰ মুছাহাৰী আৰু প্ৰাঞ্জল কলিতাও উপস্থিত থাকে।

(ব্রজেন মহন্ত)
মুখপাত্র
ভাৰতীয় জনতা পার্টি, অসম প্রদেশ

You might also like
Leave A Reply

Your email address will not be published.