Assam | ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ: National Seminar

গুৱাহাটী , ১৪ জুন : গুৱাহাটীৰ

Cotton University

ত এক ৰাষ্ট্ৰীয় আলোচনা সত্ৰ ১৭ জুলাইৰ পৰা ১৯ জুলাইলৈ (National Seminar) অনুষ্ঠিত হ’ব। ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU) ৰ যুটীয়া সহযোগত এই শৈক্ষিক মহামিলনৰ আয়োজন কৰা এই আলোচনা সত্ৰৰ মূল বিষয়বস্তু: পৰম্পৰাৰ পৰা পৰিৱৰ্তনলৈ: আধুনিক শাসন ব্যৱস্থাত ভাৰতীয় ইতিহাস আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ সংমিশ্ৰণ (“From Tradition to Transformation: Integrating Bharatiya Itihas and Bharatiya Jñana Paramparā in Modern Governance”)

বিশ্বায়ন আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ এই যুগত আমাৰ চহকী সাংস্কৃতিক শিপা আৰু ঐতিহ্যমণ্ডিত পৰম্পৰাগত জ্ঞানক (IKS) আধুনিক শাসন প্ৰণালী, শিক্ষা (NEP 2020) আৰু সামাজিক জীৱনৰ সৈতে কেনেকৈ একত্ৰিত কৰিব পাৰি, তাৰ ওপৰতোবিশদ আলোচনা কৰা হ’ব। এই আলোচনা সত্ৰৰ উপ-বিষয় সমূহ হৈছে-
১) ভাৰতীয় ঐতিহ্যৰ পুনৰুদ্ধাৰ: ভাৰতীয় জ্ঞান পৰম্পৰা (IKS) আৰু সাংস্কৃতিক মূল্যবোধৰ অনুসন্ধান ।
২) বৈচিত্ৰ্যৰ মাজত ঐক্য: সমসাময়িক ভাৰতত সামাজিক সমৰসতাৰ ভূমিকা ।
৩) স্বদেশী ভাৱনাৰ জাগৰণ: সাংস্কৃতিক গৌৰৱ আৰু স্থানীয় উদ্যোগৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতা ।
৪) পাৰিবাৰিক প্ৰবোধন (Kutumb Prabodhan): সামাজিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে পৰিয়ালৰ ভূমিকা ।
৫) নাগৰিক কৰ্তব্য: আধুনিক ভাৰতত দায়িত্বশীল নাগৰিকত্বৰ বিকাশ ।
৬) পৰিৱেশ সংৰক্ষণ: ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ পৰা লোৱা শিক্ষা ।
৭) ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু সংবিধান: বহনক্ষম ভৱিষ্যত আৰু ভাৰতীয় পৰিচয়ৰ ভেটি ।
৮) প্ৰাচীন জ্ঞানৰ প্ৰয়োগ: আধুনিক প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰাচীন জ্ঞানৰ সংমিশ্ৰণ আৰু ৯) ৰাষ্ট্ৰীয় উন্নয়ন: নাগৰিক দায়িত্ব আৰু সাংস্কৃতিক পৰিচয়ৰ মাজেৰে ৰাষ্ট্ৰীয় বিকাশ ।

https://adtu.in/
ADVERTISEMENT

আলোচনা সত্ৰৰ আহ্বায়ক মণ্ডলীয়ে ইয়াৰ শ্ৰেণী আৰু মাধ্যম (Mode & Category) সন্দৰ্ভতো কিছু কথা প্ৰকাশ কৰিছে। সেইমতে উপস্থাপনৰ শ্ৰেণী: মৌখিক(Oral) অথবা পোষ্টাৰ(Poster) উপস্থাপন আৰু সন্মিলনখনত অফলাইন (Offline) বা অনলাইন (Online) দুয়োটা মাধ্যমতে অংশগ্ৰহণ কৰিব পাৰিব আৰু অনলাইন অংশগ্ৰহণকাৰী সকলক লিংক পাছত জনোৱা হ’ব । আনহাতে লক্ষ্য দৰ্শক (Target Audience):

শিক্ষাবিদ, বিজ্ঞানী, গৱেষক ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয় -বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, নীতি নিৰ্ধাৰক আৰু চৰকাৰী বিষয়াসকল ।
আলোচনা সত্ৰৰ পঞ্জীয়ন মাচুল (Registration Fee):
• শিক্ষাবিদ / বিজ্ঞানী (Academician / Scientist): ১০০০ টকা, গৱেষক ছাত্ৰ (Research Scholar) ৫০০ টকা, আৰু ছাত্ৰ-ছাত্ৰী (Student Participant) সকলৰ বাবে ২০০ টকা ধাৰ্য কৰা হৈছে বুলি প্ৰকাশ কৰিছে। বেংকৰ সবিশেষ (Bank Details):
• একাউণ্ট নম্বৰ: 09090100001824
• একাউণ্টৰ নাম: Bharatiya Itihas Sankalan Samiti, Assam
• IFSC ক’ড: BARB0ATROAD
• বেংক: Bank of Baroda, AT Road Branch

 

আলোচনা সত্ৰৰ যাৱতীয় কাৰ্যাৱলী সম্পাদনাৰ্থে গুৰুত্বপূৰ্ণ তাৰিখসমূহ হৈছে-
১) সাৰাংশ (Abstract) জমা দিয়াৰ অন্তিম তাৰিখ: ২০ জুন, ২০২৬
২) মনোনয়নৰ জাননী (Notification of Acceptance): ২১ জুন, ২০২৬
৩) পূৰ্ণ পৰ্যায়ৰ গৱেষণা পত্ৰ (Full Paper) জমা দিয়াৰ অন্তিম তাৰিখ: ৩০ জুন, ২০২৬
৪) পঞ্জীয়নৰ অন্তিম তাৰিখ (Registration Deadline): ১৫ জুলাই, ২০২৬ আৰু
৫) আলোচনা সত্ৰৰ মূল দিনকেইটা হৈছে ১৭, ১৮ আৰু ১৯ জুলাই ৷
আনহাতেhttps://forms.gle/D3iAAPE7EyXdbWqC7 পৰা অনলাইন পঞ্জীয়নৰ ফৰ্ম সংগ্ৰহ কৰিব পাৰিব। একেদৰে সাৰাংশ / প্ৰবন্ধ প্ৰেৰণ কৰিবলগীয়া ইমেইল: [email protected]ত, যিকোনো সোধা-পোছাৰ বাবে [email protected] ত ইমেইল কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজক সমিতিয়ে জানিবলৈ দিছে ৷

You might also like
Leave A Reply

Your email address will not be published.