গুৱাহাটী, ১৭জুন:অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু প্ৰাচ্য ভিত্তিক কাৰ্য নীতি বিভাগৰ মন্ত্রী বিমল বড়াই আজি জনতা ভৱনৰ কাৰ্যালয় কক্ষত আয়োজিত এক সংবাদ মেলত অসম চৰকাৰে আগবঢ়োৱা কেইটামান বঁটাৰ প্ৰাপক সকলৰ নাম ঘোষণা কৰে।
এই বঁটা কেইটা হৈছে তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা আজান পীৰ ৰাষ্ট্ৰীয় বঁটা,একে সময়ৰ ব্যৱধানত আগবঢ়োৱা ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আৰু বাৰ্ষিক বিষ্ণু ৰাভা বঁটা। সেই অনুসাৰে আজান পীৰ বঁটা ২০২৫ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে জিকিৰ আৰু জাৰি গীতৰ শিল্পী গোলাঘাট জিলাৰ নাহৰণি কুৰিঘৰীয়াৰ চামছুদ্দিন আহমেদক।

সতী সাধনী বঁটা ২০২৬ বৰ্ষৰ বাবে আগবঢ়োৱা হৈছে তেজপুৰৰ নিবাসী লেখিকা গীতা উপাধ্যায়লৈ। এই বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে সত্ৰীয়া শিল্পী মাজুলীৰ মানিক বৰবায়ন আৰু চিত্ৰ শিল্পী গোৱালপাৰাৰ মধুসূদন দাসলৈ।
গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত অহা ২০ জুনত অনুষ্ঠিতব্য কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। উপৰিউক্ত ৰাষ্ট্ৰীয়বঁটাৰ সৈতে তিনি লাখ আৰু ৰাজ্যিক বঁটা দুটাৰ সৈতে বঁটা প্ৰাপক সকলৰ প্ৰত্যেককে ক্ৰমে দুই লাখকৈ ধনৰাশিও প্ৰদান কৰা হ’ব।