ষ্টাফ ৰিপ’ৰ্টাৰঃঅসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ এতিয়া কেৱল বৈজ্ঞানিক আলোচনাৰ বিষয় হৈ থকা নাই, ই বাস্তৱ জীৱনৰ এক গভীৰ সংকটলৈ ৰূপান্তৰিত হৈছে। বিগত এক দশক ধৰি ৰাজ্যখনত বৰষুণৰ ধৰণ সলনি হোৱা, গ্ৰীষ্মকালত তাপমাত্ৰা বৃদ্ধি, শীতকালত অস্বাভাৱিক উষ্ণতা আৰু বানপানীৰ বাৰে বাৰে আগমনে জনজীৱনক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বিশেষজ্ঞসকলৰ মতে, এই পৰিৱৰ্তনৰ মূল কাৰণ হৈছে বৈশ্বিক উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তন। ইয়াৰ ফলত বায়ুমণ্ডলৰ স্বাভাৱিক অৱস্থাত বিৰূপ পৰিছে আৰু মৌচুমী বৰষুণ অনিয়মিত হৈ পৰিছে।
অসম সাধাৰণতে এখন উচ্চ বৰষুণ প্ৰাপ্ত অঞ্চল। গড় হিচাপত ৰাজ্যখনত বছৰি প্ৰায় ২২০০ মিলিমিটাৰৰ পৰা ২৮০০ মিলিমিটাৰ পৰ্যন্ত বৰষুণ হয়। কিন্তু বিগত কেইবা বছৰত এই পৰিমাণ সলনি হৈছে আৰু বিতৰণ সম্পূৰ্ণ অনিয়মিত হৈছে। বিশেষকৈ ২০২০ৰ পৰা ২০২৫ সময়ছোৱাত লক্ষ্য কৰা হৈছে যে— কিছুমান জিলাত স্বাভাৱিকতকৈ ২০ শতাংশৰ পৰা ৩০ শতাংশ অধিক বৰষুণ হৈছে। আন কিছুমান অঞ্চলত ১৫ শতাংশৰ পৰা ২৫ শতাংশ কম বৰষুণ হৈছে। বৰষুণৰ দিন কমি গৈছে।

কিন্তু একে সময়ত অতিমাত্ৰা বৰষুণ একেলগে হোৱাৰ ঘটনা বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে, গুৱাহাটী আৰু কাষৰ অঞ্চলত কেতিয়াবা ২৪ ঘণ্টাতেই ১০০ ৰ পৰা ২০০ মিলিমিটাৰ বৰষুণ হোৱাৰ ঘটনাও ঘটিছে। অসমত মৌচুমী সাধাৰণতে জুনৰ আৰম্ভণিৰ পৰা আৰম্ভ হৈ ছেপ্টেম্বৰলৈ থাকে। কিন্তু এতিয়া দেখা গৈছে— মৌচুমী দেৰিকৈ আহে। একে সময়ত অত্যধিক বৰষুণ হয় আৰু মৌচুমী আগতে শেষ হৈ যায় বা মাজে মাজে শুকান সময় বৃদ্ধি পায়। এই ধৰণৰ পৰিবৰ্তনে কৃষিখণ্ডত সৰ্বাধিক প্ৰভাৱ পেলাইছে।
আনহাতে অসমত বানপানী নতুন সমস্যা নহয়, কিন্তু ইয়াৰ তীব্ৰতা আৰু ঘনত্ব বেছি হৈছে। ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীসমূহৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাই এতিয়া প্ৰতি বছৰে একাধিকবাৰ বানৰ সৃষ্টি হয়। বিগত বছৰ কেইটাত লাখ লাখ লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে। ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ ঘৰ। বহু অঞ্চলত বছৰত ২–৩ বাৰলৈ বানপানী দেখা গৈছে আৰু ইয়াৰ ফলস্বৰূপে কৃষিভূমি ডুবি শস্য উৎপাদন বিপৰ্যস্ত হৈছে। বিশেষজ্ঞসকলে অৱগত কৰা অনুসৰি অত্যধিক বৰষুণৰ “short burst” বা কম সময়ত অধিক বৰষুণৰ ঘটনাই নদীসমূহৰ জলধাৰা হঠাৎ বৃদ্ধি কৰি বান সৃষ্টি কৰে।
আচৰিতভাৱে, অসমত একে সময়তে বান আৰু খৰাং দুয়োটা সমস্যা দেখা গৈছে। উত্তৰ আৰু মধ্য অসমত বানপানীৰ সমস্যা বেছি হোৱাৰ সময়ত দক্ষিণ আৰু পাহাৰীয়া অঞ্চলসমূহত পানীৰ অভাৱ দেখা যায়। গ্ৰীষ্মকালত তাপমাত্ৰা ৩৮ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পোৱাৰ লগতে ভূগৰ্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে। খোৱাৰ পানীৰ সংকটো বৃদ্ধি পাইছে অসমত। এই বছৰ জলবায়ু পৰিৱৰ্তনৰ আন এক ভয়াৱহ ছবি দেখা গ’ল অসমত। যিসময়ত অসমৰ ধেমাজি জিলা বানত ডুব গৈ আছিল তথা ধেমাজিত বানে দলং, আৱাসগৃহ আদি উটুৱাই লৈ গৈছিল সেই একেটা সময়তে গোলাঘাট জিলা খৰাঙৰ সন্মুখীন হৈছে।
এতিয়াও গোলাঘাটকে ধৰি উজনি অসমৰ কেইবাখনো জিলাৰ কৃষকে খৰাঙৰ বাবে মূৰে কপালে হাত দি বৰষুণৰ বাবে বৰুণ দেৱতাক আৰাধনা কৰি আছে। বতৰৰ পৰি অসমৰ অৰ্থনীতিৰ মূল ভেটি কৃষি। কিন্তু বৰ্তমান জলবায়ু পৰিৱৰ্তনে কৃষিখণ্ডক আটাইতকৈ বেছি আঘাত কৰিছে। সময় মতে কৃষকে খেতি আৰম্ভ কৰিব নোৱাৰা, অত্যধিক বৰষুণত ধাননি পথাৰ ডুব যোৱা, শুকান সময়ত পানীৰ অভাৱ, মাটিৰ উৰ্বৰতা হ্ৰাস আদিয়ে ধান উৎপাদনত বিশেষ প্ৰভাৱ পেলাইছে।
বহু কৃষকে যি সময়ত নিয়মিত উৎপাদন কৰিছিল, এতিয়া সেই একে ভূমিত ফলাফল অনিশ্চিত হৈ পৰিছে। অসম চৰকাৰৰ জলবায়ু পৰিৱৰ্তন নামেৰে এটা বিভাগ আছে যদিও এতিয়ালৈকে ৰাইজৰ চকুত লগাকৈ কোনো কাম কৰিব পৰা নাই। সময় থাকোতেই চৰকাৰে যদি যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰে তেন্তে ভয়াৱহ বিপদৰ সন্মুখীন হ’ব অসম।