Assam | মালিগাঁৱৰ বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ: Minister Kaushik Roy

Assam | মালিগাঁৱৰ বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ: Minister Kaushik Roy

গুৱাহাটী: গুৱাহাটীত বৰষুণৰ পানী জমা হৈ নাগৰিকসকলৰ দৈনন্দিন জীৱনত সৃষ্টি কৰা সমস্যাৰ সমাধান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা অব্যাহত আছে। এই উদ্দেশ্যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱাৰে পৰা জালুকবাৰী সমষ্টিৰ অন্তৰ্গত মালিগাঁও আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰি নলা-নৰ্দমাৰ সামগ্ৰিক পৰিস্থিতি, পানী নিষ্কাশন ব্যৱস্থা আৰু সংশ্লিষ্ট আন আন বিষয়সমূহৰ বুজ লয়।

পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ জল নিষ্কাশন ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুৱাহাটী পৌৰ নিগম (জিএমচি), গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জিএমডিএ), ভাৰতীয় ৰে’লৱে, লোকনিৰ্মাণ বিভাগ তথা সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

তেওঁ কয় যে বৰষুণৰ সময়ত নগৰবাসীয়ে যাতে অযথা অসুবিধাৰ সন্মুখীন হ’ব নালাগে, তাৰ বাবে বিভাগসমূহে সমন্বিত প্ৰচেষ্টাৰে কাম কৰি আছে। এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতাৰ যথেষ্ট গুৰুত্ব আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে চৰকাৰৰ প্ৰচেষ্টাক সফল কৰি তুলিবলৈ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা অতি প্ৰয়োজনীয়।

এই পৰিদৰ্শন কাৰ্যসূচীৰ সময়ত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়া আম্বাতুন এম পি, জিএমচিৰ আয়ুক্ত চিন্ময় ফুকন আৰু অন্যান্য বিভাগীয় বিষয়াসকলে মন্ত্ৰীগৰাকীক সংগ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.