Assam| Dattatreya Hosawale: হিন্দু ধৰ্ম আৰু সমাজক কলঙ্কিত কৰিবলৈ চেষ্টা কৰা হিন্দুবিৰোধী তথা দেশবিৰোধী শক্তিসমূহৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰক- দত্তাত্ৰেয় হোসৱালে

নতুন দিল্লী, ৩ জুলাই: প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কৰা সংগ্ৰাম আৰু কোটি কোটি ৰামভক্তৰ নিষ্ঠা, ত্যাগ আৰু আত্মবলিদানৰ ফলত শ্ৰীৰাম জন্মভূমিত নিৰ্মিত ভব্য মন্দিৰটো সমগ্ৰ হিন্দু সমাজৰ বাবে শ্ৰদ্ধা, বিশ্বাস আৰু ভক্তিৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে। অযোধ্যাৰ শ্ৰীৰাম লালা মন্দিৰত ৰখা দানপাত্ৰৰ পৰা ধন চুৰি হোৱাৰ দুৰ্ভাগ্যজনক ঘটনাই সমগ্ৰ সমাজ তথা ৰামভক্ত সকলৰ আৱেগ আৰু বিশ্বাসত গভীৰ আঘাত হানিছে ৷ এই ঘটনাত আমি সকলোৱে অত্যন্ত ব্যথিত আৰু ক্ৰোধিত হৈছোঁ বুলি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে ৷

সৰকাৰ্যবাহ গৰাকীয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা অনুসৰি, শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ আন্তৰিক অনুৰোধ মৰ্মে উত্তৰ প্ৰদেশ চৰকাৰে এখন বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে আৰু ইয়াৰ পৰামৰ্শৰ ভিত্তিত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তদন্তৰ অন্তত দোষী সাব্যস্ত হোৱা যিকোনো ব্যক্তিয়েই যাতে কঠোৰ শাস্তিৰ সন্মুখীন হয়, সেয়া নিশ্চিত কৰাটো অপৰিহাৰ্য।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকে ধৰি সমগ্ৰ হিন্দু সমাজে ট্ৰাষ্টৰ পৰা ইয়াকে আশা কৰিছে যে ট্ৰাষ্টে এই তীব্ৰ গৰ্হিত ঘটনাক এক অসাধাৰণ বিষয় হিচাপে গণ্য কৰিব আৰু মন্দিৰ পৰিচালনা তথা কাৰ্যকলাপৰ সকলো ত্ৰুটি-বিচ্যুতি দূৰ কৰিবলৈ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব। অযোধ্যা মন্দিৰৰ প্ৰতি কোটি কোটি ৰামভক্তৰ বিশ্বাস আৰু শ্ৰদ্ধা যাতে অটুট আৰু অবিচলিত হৈ থাকে, তাৰ বাবে সকলোবোৰ ক্ৰুটি-বিচ্যুতি আঁতৰাই পেলোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

বৰ্তমান সময়ত ৰাইজৰ মাজত যি বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ সৃষ্টি হৈছে সেয়া অৱসান ঘটিবই লাগিব বুলি সৰকাৰ্যবাহ গৰাকীয়ে প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত মন্দিৰ কৰ্তৃপক্ষ আৰু চৰকাৰীভাৱে নিযুক্ত এছ.আই.টি. (SIT)-এ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। আমি নিশ্চিত যে উপযুক্ত বিত্তীয় ব্যৱস্থাপনা, নিখুঁত তথা স্বচ্ছ পৰিচালনা প্ৰণালী আৰু পবিত্ৰতা, শুদ্ধতা আৰু প্ৰকৃত ধাৰ্মিকতাৰে ভৰা এক পৰিৱেশৰ জৰিয়তে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে হিন্দু সমাজৰ আস্থা আৰু বিশ্বাস ধাৰাবাহিকভাৱে সুদৃঢ় কৰি যাব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই কঠিন সময়ত সমগ্ৰ হিন্দু সমাজক প্ৰয়োজনীয় ধৈৰ্য আৰু সংযম প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। লগতে, এই দুৰ্ভাগ্যজনক ঘটনাৰ সুযোগ লৈ হিন্দু ধৰ্ম আৰু সমাজক কলঙ্কিত কৰিবলৈ চেষ্টা কৰা হিন্দুবিৰোধী তথা দেশবিৰোধী শক্তিসমূহৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰিবলৈকো আহ্বান জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.