Assam | Siya Goyal -Chetan Chowdhury refused to consent to the lie detector test : লাই ডিটেক্টৰ পৰীক্ষাত সন্মতি নিদিলে ছিয়া গোৱেল–চেতন চৌধুৰীয়ে

Assam | Shea Goel-Chetan Chowdhury refused to consent to the lie detector test : লাই ডিটেক্টৰ পৰীক্ষাত সন্মতি নিদিলে ছিয়া গোৱেল–চেতন চৌধুৰীয়ে

নিউজ ডেস্ক : মহাৰাষ্ট্ৰৰ পুনেৰ বহুচৰ্চিত কেতন আগৰৱাল হত্যা কাণ্ডত তদন্তৰ মাজতে পুনৰ এক ডাঙৰ মোৰ আহিছে। গোচৰটোৰ দুই মুখ্য অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীক আৰক্ষীয়ে অধিক সময়ৰ বাবে নিজৰ জিম্মাত ৰাখি জেৰা কৰাৰ আবেদন জনালেও আদালতে সেই আবেদন নাকচ কৰে। ইয়াৰ পিছতে দুয়োকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

ইফালে তদন্তকাৰী আৰক্ষীয়ে আদালতৰ ওচৰত দুয়ো অভিযুক্তৰ পলিগ্ৰাফ বা লাই ডিটেক্টৰ পৰীক্ষাৰ অনুমতি বিচাৰিছিল। আৰক্ষীৰ মতে, ঘটনাটোৰ কোনো প্ৰত্যক্ষ সাক্ষী নথকাৰ বাবে ডিজিটেল প্ৰমাণ, ফৰেনছিক তথ্য আৰু অভিযুক্তসকলৰ বক্তব্য মিলাই চাবলৈ এই পৰীক্ষা গুৰুত্বপূৰ্ণ হ’লহেঁতেন। কিন্তু দুয়ো অভিযুক্তই এই পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ সন্মতি নিদিয়াৰ ফলত তদন্তত নতুন জটিলতাৰ সৃষ্টি হৈছে। আদালতে নিজৰ ৰায়ত প্ৰকাশ কৰিছে যে অভিযুক্তই যদি প’লিগ্ৰাফী টেষ্টৰ বাবে সন্মতি নিদিয়ে তেন্তে তেনে টেষ্ট কৰাটো সম্ভৱপৰ নহয়। সেয়ে দুয়োকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

কি অভিযোগ?

আৰক্ষীৰ অভিযোগ অনুসৰি, ২৫ বছৰীয়া ব্যৱসায়ী কেতন আগৰৱালক তেওঁৰ বাগদত্তা ছিয়া গোৱেল আৰু চেতন চৌধুৰীয়ে পূৰ্বপৰিকল্পিতভাৱে হত্যা কৰে। তদন্তকাৰী বিষয়াসকলৰ দাবী, ছিয়া গোৱেলৰ সৈতে চেতন চৌধুৰীৰ ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কৰ বাবেই কেতনক আঁতৰোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।

১৮ জুনত কেতন আৰু ছিয়া গোৱেল পুনেৰ ওচৰৰ লোহাগড় দুৰ্গলৈ ভ্ৰমণলৈ গৈছিল। সেই সময়ত কেতন খাদত পৰি মৃত্যুবৰণ কৰা বুলি প্ৰথমে দুৰ্ঘটনা হিচাপে উপস্থাপন কৰা হৈছিল। কিন্তু পৰৱৰ্তী তদন্তত আৰক্ষীয়ে এই ঘটনাক পূৰ্বপৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰে।

গোপন চেট আৰু কোড ভাষাৰ সন্ধান

তদন্তৰ সময়ত আৰক্ষীয়ে ছিয়া গোৱেল আৰু চেতনৰ মোবাইল ফোন জব্দ কৰি বহু গুৰুত্বপূৰ্ণ ডিজিটেল তথ্য উদ্ধাৰ কৰিছে। বিষয়াসকলৰ মতে, দুয়োৰে মাজৰ চেটত কোড-ৱৰ্ড, ছদ্মনাম আৰু ইমোজিৰ জৰিয়তে বাৰ্তা আদান-প্ৰদান কৰা হৈছিল। এই গোপন বাৰ্তাবোৰৰ প্ৰকৃত অৰ্থ উলিয়াবলৈ চাইছে আৰক্ষী। কিয়নো ইয়াৰ জৰিয়তে হত্যাৰ সম্পূৰ্ণ ষড়যন্ত্ৰৰ তথ্য পোৱা যাব পাৰে বুলি সন্দেহ কৰা হৈছে।

তৃতীয় ব্যক্তিৰ ভূমিকাও তদন্তৰ আওতাত

ইয়াৰ মাজতে তদন্তত আৰু এটা নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীয়ে বীড জিলাৰ এজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে। অভিযোগ অনুসৰি, ছিয়া গোৱেল আৰু চেতনে হত্যাৰ পৰিকল্পনাৰ বিষয়ে আগতেই এই যুৱকজনক অৱগত কৰিছিল। যদিও যুৱকজনে আৰক্ষীক জনাইছে যে তেওঁ হত্যা নকৰিবলৈ দুয়োকে বুজাইছিল। বৰ্তমান আৰক্ষীয়ে তেওঁৰ ভূমিকাও তদন্ত কৰি আছে।

তদন্ত অব্যাহত

আৰক্ষীৰ মতে, গোচৰটোৰ তদন্ত এতিয়াও চলি আছে। কল ৰেকৰ্ড, চিচিটিভি ফুটেজ, ডিজিটেল তথ্য, ফৰেনছিক বিশ্লেষণ আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত ঘটনাটোৰ প্ৰতিটো দিশ খতিয়ান কৰা হৈছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আদালতত শক্তিশালী অভিযোগনামা দাখিল কৰাৰ লক্ষ্য লৈছে তদন্তকাৰী সংস্থাই।

You might also like
Leave A Reply

Your email address will not be published.