দিছপুৰ: অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আজি অসম বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত অসম বিধানসভাৰ সদস্য বিশেষকৈ নতুনকৈ নিৰ্বাচিত বিধায়কসকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা আৰু লোকসভাৰ সাংসদ তথা লোকসভাৰ পেনেল অব চেয়াৰপাৰচনচ্ দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰা এই উদ্বোধনী অনুষ্ঠানত অধ্যক্ষ গৰাকীয়ে বিধায়কসকলক আদৰণি জনাই অভিমুখীকৰণ কাৰ্যসূচীৰ জৰিয়তে নৱ নিৰ্বাচিত বিধায়ক সকলে বিধানসভাৰ বিভিন্ন কাৰ্যপ্ৰণালীৰ বিষয়ে সম্যক জ্ঞান লাভ কৰি একো একোগৰাকী পাৰদৰ্শী জনপ্ৰতিনিধি হিচাপে নিজৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণত বিশেষ ভূমিকা পালন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।
২০১৬ চনত বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লৈ তেখেতে এনেধৰণৰ অভিমুখীকৰণৰ কাৰ্যসূচী লৈছিল বুলি উল্লেখ কৰি এইবাৰো অধ্যক্ষৰ দায়িত্ব লৈয়ে এনেধৰণৰ প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও তেওঁ ব্যক্ত কৰে। অধ্যক্ষগৰাকীয়ে এই অভিমুখীকৰণৰ দুদিনীয়া কাৰ্যসূচীত বিধায়কসকলক উপস্থিত থাকি ৯ গৰাকী আমন্ত্ৰিত সমল ব্যক্তিৰ দ্বাৰা প্ৰদান কৰা বিধানসভাৰ বিভিন্ন বিষয় সামৰি প্ৰদান কৰা প্ৰশিক্ষণৰ জৰিয়তে উপকৃত হ’বলৈ আহ্বান জনায়।
বিধানসভাৰ সচিব ৰাজীৱ ভট্টাচাৰ্যই আদৰণী ভাষণ প্ৰদান কৰা অভিমুখীকৰণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ দিলীপ শইকীয়াইও বিধনসভা তথা সংসদীয় ব্যৱস্থাৰ নীতি- নিয়ম, বিধায়ক সকলৰ দায়িত্ব আৰু কৰ্তব্য আদিৰ আলোকপাতেৰে বক্তব্য প্ৰদান কৰে।
উল্লেখযোগ্য যে আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অভিমুখীকৰণৰ কাৰ্যসূচীত ষষ্ঠদশ অসম বিধানসভাৰ বিধায়ক বিশেষকৈ নতুন বিধায়কসকলক বিধানসভাৰ নিয়মাৱলী , কাৰ্যপ্ৰণালী আৰু প্ৰক্ৰিয়া, বিধানসভাৰ বিতৰ্কত ভাগ লোৱা প্ৰণালী, প্ৰশ্ন উত্থাপনৰ বিভিন্ন প্ৰক্ৰিয়া আদি সন্দৰ্ভত বিস্তৃত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।
অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ ডাঃ নোমল মমিন, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা থানেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অব ডেম’ক্ৰেটিক লিডাৰশ্বিপৰ প্ৰাক্তন একাডেমিক কাউন্সিল মেম্বাৰ ড০ সমূদ্ৰ গুপ্ত কাশ্যপ , অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° জে.বি. এক্কা, কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গৌতম মজুমদাৰ, বিশিষ্ট পৰিৱেশবিদ ঋতুৰাজ ফুকন, ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিব দিলীপ বৰা, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা স্কুল অব ছ’চিয়েল ছায়েন্সৰ সঞ্চালক ড০জয়দীপ বৰুৱা, প্ৰবীণ সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বিধানসভাৰ সদস্য বিশেকৈ নতুনকৈ নিৰ্বাচিত হোৱা বিধায়ক সকলক বিধানসভাৰ বিভিন্ন নিয়মাৱলী, বিধানসভাত বিধায়কসকলৰ ভূমিকা তথা দায়বদ্ধতা, ৰাজ্যখনৰ বিভিন্ন বিষয় তথা প্ৰত্যাহ্বান, নেতৃত্বৰ বিষয়, সামাজিক সুৰক্ষা আৰু কল্যাণকামী আঁচনি, পৰিৱেশ সম্পৰ্কীয় বিভিন্ন বিষয়, বাজেট সম্বন্ধীয় বিভিন্ন বিষয়, অৰ্থনীতি সম্বন্ধীয় বিষয়, সংবাদ মাধ্যমৰ বিষয় আদি সামৰি বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰিব।