নতুন দিল্লী, ৪ জুলাইঃ ২০২০ চনৰ উত্তৰ-পূব দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষৰ বৃহৎ ষড়যন্ত্ৰৰ সৈতে জড়িত গোচৰত অভিযুক্ত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন খাৰিজ কৰিছে দিল্লীৰ এখন আদালতে। শনিবাৰে ৰায়দান কৰি আদালতে কয় যে, গোচৰটোৰ নথি-পত্ৰ, অভিযোগৰ প্ৰকৃতি আৰু শুনানিৰ সময়ত দুয়োপক্ষৰ যুক্তি-বিবেচনা কৰাৰ পাছত এই পৰ্যায়ত অভিযুক্ত দুজনক জামিন দিয়াটো উপযুক্ত নহয়। ফলত তেওঁলোক দুয়ো বৰ্তমানৰ দৰে ন্যায়িক জিম্মাতেই থাকিব লাগিব।
উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)কে ধৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও গুৰুতৰ ধাৰাত অভিযোগ আনা হৈছে। অভিযোগ অনুসৰি, ২০২০ চনত সংঘটিত উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ বৃহৎ ষড়যন্ত্ৰৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে। অৱশ্যে অভিযুক্ত পক্ষই এই অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে।
এই গোচৰটো দিল্লী সংঘৰ্ষ-সংক্ৰান্ত অন্যতম আলোচিত গোচৰসমূহৰ ভিতৰত অন্যতম। ইয়াৰ পূৰ্বেও উমৰ খালিদ আৰু শাৰজিল ইমামে বিভিন্ন আদালতত কেইবাবাৰো জামিনৰ আবেদন দাখিল কৰিছিল যদিও বিভিন্ন সময়ত সেই আবেদনসমূহ খাৰিজ কৰা হৈছে।
আইনী বিশেষজ্ঞসকলৰ মতে, নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে অভিযুক্ত পক্ষই উচ্চ আদালতৰ কাষ চাপিব পাৰে। সেই অনুসৰি, এই গোচৰৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়ালৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত ৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি দিল্লী আৰক্ষীয়ে বৃহৎ ষড়যন্ত্ৰৰ অভিযোগত একাধিক গোচৰ ৰুজু কৰিছিল, যাৰ ভিতৰত উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামো অভিযুক্ত।