Assam| India-Japan :ভাৰত-জাপান সন্মিলনে অসমলৈ আনিব উন্নয়নত নতুন দিগন্ত

গুৱাহাটী, ৪ জুলাইঃ ভাৰত আৰু জাপানৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্কই অসমৰ উন্নয়নত নতুন গতি আনিছে। ভাৰতৰ “এক্ট ইষ্ট পলিচি” আৰু জাপানৰ “ফ্ৰী এণ্ড অপেন ইণ্ডো-পেচিফিক” দৃষ্টিভংগীৰ সমন্বয়ত অসমক উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণ কৰা হৈছে।

জাপান চৰকাৰৰ সহযোগী সংস্থা জাপান ইণ্টাৰনেশ্যনেল ক’অপাৰেচন এজেন্সি (JICA)-ই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বৃহৎ পৰিমাণৰ সহজ চৰ্তৰ ঋণ আৰু কাৰিকৰী সহযোগিতা আগবঢ়াই আহিছে। ২০১৯ চনত জাপান চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে প্ৰায় ২০৫.৭৮৪ বিলিয়ন য়েন (প্ৰায় ১৩,০০০ কোটি টকা) বিনিয়োগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। এই বিনিয়োগৰ অন্তৰ্গত অসমৰ বহু গুৰুত্বপূৰ্ণ প্ৰকল্প অন্তৰ্ভুক্ত আছিল।

অসমত চলি থকা উল্লেখযোগ্য প্ৰকল্পসমূহৰ ভিতৰত গুৱাহাটী জল যোগান প্ৰকল্প বিশেষভাৱে উল্লেখযোগ্য। এই প্ৰকল্পত জাপানে ২৯.৪৫৩ বিলিয়ন য়েন (প্ৰায় ১,৭০০ কোটিতকৈ অধিক টকা) বিনিয়োগ কৰিছে। এই প্ৰকল্প সম্পূৰ্ণ হ’লে গুৱাহাটীৰ দক্ষিণ-মধ্য আৰু উত্তৰাঞ্চলৰ প্ৰায় ১০ লাখ লোক বিশুদ্ধ পানীৰ সুবিধা লাভ কৰিব।

ইয়াৰ লগতে গুৱাহাটী নৰ্দমা (Sewerage) প্ৰকল্পৰ বাবে ১৫.৬২ বিলিয়ন য়েনৰ ঋণ মঞ্জুৰ কৰা হৈছে। এই প্ৰকল্পই আধুনিক নৰ্দমা ব্যৱস্থা গঢ়ি তুলি নগৰখনৰ পৰিবেশ, জনস্বাস্থ্য আৰু নদী প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰিব।

স্বাস্থ্য খণ্ডতো জাপানে বৃহৎ সহায় আগবঢ়াইছে। অসম হেল্থ চিষ্টেম ষ্ট্ৰেংথেনিং প্ৰজেক্টৰ বাবে ৪৫.৬০৫ বিলিয়ন য়েন (প্ৰায় ২,৬০০ কোটিতকৈ অধিক টকাৰ সমমূল্য) ঋণ অনুমোদন কৰা হৈছে। এই ধনৰ সহায়ত জিলাস্তৰৰ চিকিৎসালয় উন্নীতকৰণ, নতুন চিকিৎসা সঁজুলি, আধুনিক স্বাস্থ্যসেৱা আৰু চিকিৎসা কৰ্মীৰ দক্ষতা বৃদ্ধি কৰা হৈছে।

যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰতো জাপানৰ ভূমিকা গুৰুত্বপূৰ্ণ। North-East Road Network Connectivity Improvement Projectৰ বিভিন্ন পৰ্যায়ৰ জৰিয়তে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ কাম চলি আছে। ইয়াৰে NH-127B (শ্ৰীৰামপুৰ–ধুবুৰী) পথ উন্নয়নৰ বাবে ১৫.২৮৫ বিলিয়ন য়েন অনুমোদন কৰা হৈছে। এই পথ উন্নয়নে অসম-বাংলাদেশ সীমান্ত আৰু বাণিজ্যিক যোগাযোগ অধিক শক্তিশালী কৰিব।

জাপানৰ সহযোগিতা কেৱল আন্তঃগাঁথনিতে সীমাবদ্ধ নহয়। কৃষি, বাঁহ-ভিত্তিক উদ্যোগ, দক্ষতা বিকাশ, পৰ্যটন, পৰিবেশ সংৰক্ষণ আৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো দুয়োখন দেশ একেলগে কাম কৰি আছে। জাপানী কোম্পানীসমূহে ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, উৎপাদন উদ্যোগ আৰু উদ্যোগিতা খণ্ডত অসমৰ সৈতে সহযোগিতা অধিক শক্তিশালী কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে।

জে আই চি এৰ তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত এতিয়ালৈকে পথ, স্বাস্থ্য, জল যোগান, বন সংৰক্ষণ, শক্তি আৰু অন্যান্য ক্ষেত্ৰত ৪১০ বিলিয়ন য়েনতকৈ অধিক প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগ কৰা হৈছে। ইয়াৰে অসমে সৰ্বাধিক লাভান্বিত ৰাজ্যসমূহৰ ভিতৰত অন্যতম।

বিশেষজ্ঞসকলৰ মতে, এই বিনিয়োগসমূহে অসমত উদ্যোগ স্থাপন, বিদেশী বিনিয়োগ বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি, পৰ্যটনৰ বিকাশ আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে বাণিজ্যিক সংযোগ অধিক শক্তিশালী কৰিব। আগন্তুক সময়ত ভাৰত-জাপান সহযোগিতা আৰু অধিক সম্প্ৰসাৰিত হ’লে অসম উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক দুৱাৰ হিচাপে অধিক শক্তিশালী স্থান দখল কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.