গুৱাহাটী: প্ৰায় ১৮ বছৰ পূৰ্বে সমগ্ৰ দেশক কঁপাই তোলা ২০০৮ চনৰ আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰত গুজৰাট উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। বিশেষ আদালতে ২০২২ চনত ৩৮ জন দোষীক প্ৰদান কৰা মৃত্যুদণ্ড আৰু ১১ জনক দিয়া আজীৱন কাৰাদণ্ড উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছে।
২০০৮ চনৰ ২৬ জুলাইত গুজৰাটৰ আহমেদাবাদ চহৰৰ বিভিন্ন স্থানত মাত্ৰ প্ৰায় ৭০ মিনিটৰ ভিতৰত ২১টা ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ৫৬ জন নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু ২০০ৰো অধিক লোক আহত হৈছিল। বাছ, বজাৰ, ব্যস্ত জনসমাগমস্থলী আৰু চিকিৎসালয়ক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল, যাৰ ফলত সমগ্ৰ দেশতে আতংকৰ সৃষ্টি হৈছিল।
এই গোচৰটোৰ তদন্তৰ পাছত মুঠ ৭৭ জনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল। দীৰ্ঘ ১৩ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০২২ চনত বিশেষ আদালতে ৪৯ জনক দোষী সাব্যস্ত কৰে আৰু প্ৰমাণৰ অভাৱত ২৮ জনক মুক্তি দিয়ে। দোষী সাব্যস্ত ৪৯ জনৰ ভিতৰত ৩৮ জনক মৃত্যুদণ্ড আৰু ১১ জনক আজীৱন কাৰাদণ্ড বিহা হৈছিল।
এই ৰায়ৰ বিৰুদ্ধে দোষীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আনহাতে, মৃত্যুদণ্ড নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰেও আবেদন কৰিছিল। সকলো দিশ বিবেচনা কৰাৰ পাছত গুজৰাট উচ্চ ন্যায়ালয়ে বিশেষ আদালতৰ ৰায় বহাল ৰাখি কয় যে এই আক্ৰমণ আছিল এক সুপৰিকল্পিত সন্ত্ৰাসবাদী ষড়যন্ত্ৰ, যিয়ে নিৰীহ নাগৰিকক লক্ষ্য কৰি সংঘটিত হৈছিল। আদালতে এই ঘটনাক অতি জঘন্য আৰু সমাজৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ বুলি অভিহিত কৰে।
এই ৰায়ক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ ন্যায় ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। ভুক্তভোগী পৰিয়ালসমূহে দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত ন্যায় বিচাৰ লাভ কৰাৰ অনুভূতি প্ৰকাশ কৰিছে। আনহাতে, আইনী বিশেষজ্ঞসকলৰ মতে, দোষীসকলে এতিয়াও ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত আপীল কৰাৰ সাংবিধানিক অধিকাৰ সংৰক্ষিত ৰাখিছে।
উল্লেখ্য যে ২০০৮ চনৰ আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ ভাৰতৰ ইতিহাসৰ অন্যতম ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে পৰিগণিত হয়। এই ঘটনাই দেশৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।