আধুনিক পাইপভিত্তিক জলসিঞ্চন ব্যৱস্থাৰ ওপৰত চৰকাৰৰ গুৰুত্ব আৰোপ
দিছপুৰ, ১২ জুলাই:

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় ৩০.৬৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নলা-ভিত্তিক জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় ৫,৮০০ বিঘা কৃষিভূমিত নিশ্চিত জলসিঞ্চনৰ সুবিধা উপলব্ধ হৈছে, যাৰ ফলত অঞ্চলটোৰ বহু সংখ্যক খিলঞ্জীয়া কৃষক উপকৃত হৈছে। প্ৰকল্পটোৰ ইতিবাচক প্ৰভাৱত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, নিৰ্ভৰযোগ্য জলসিঞ্চন ব্যৱস্থাই অঞ্চলটোৰ কৃষি কাৰ্যকলাপ অধিক শক্তিশালী কৰি তুলিছে।
পৰিদৰ্শনৰ সময়ত স্থানীয় কৃষকৰ সৈতে মত-বিনিময় কৰি শ্ৰী হাজৰীকাই কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰি বছৰত দুইৰ পৰা তিনিটা খেতি কৰিবলৈ আহ্বান জনায়, যাতে কৃষি উৎপাদন বৃদ্ধি পোৱাৰ লগতে কৃষকৰ আয়ো বৃদ্ধি পায়।
মন্ত্ৰীগৰাকীয়ে কয় যে, নলা-ভিত্তিক জলসিঞ্চন প্ৰকল্পসমূহে কৃষি খণ্ডলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে যদিও বৰ্তমান ৰাজ্য চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে আধুনিক পাইপভিত্তিক জলসিঞ্চন ব্যৱস্থাৰ ওপৰত। তেওঁ কয় যে, এনে প্ৰকল্প কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব পৰা যায়, পানীৰ অধিক দক্ষ ব্যৱস্থাপনা নিশ্চিত কৰে আৰু পৰম্পৰাগত নলা-ভিত্তিক জলসিঞ্চন প্ৰকল্পৰ ক্ষেত্ৰত দেখা দিয়া ভূমি অধিগ্ৰহণজনিত সমস্যাও বহু পৰিমাণে পৰিহাৰ কৰিব পৰা যায়।
ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰ পুনৰ ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্য চৰকাৰে আধুনিক জলসিঞ্চন আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে, যাতে কৃষকসকলে নিৰ্ভৰযোগ্যভাৱে জলসিঞ্চনৰ সুবিধা লাভ কৰাৰ লগতে বহনক্ষম কৃষি ব্যৱস্থাৰ বিকাশ আৰু অসমৰ কৃষি অৰ্থনীতি অধিক শক্তিশালী হয়।