ASSAM| There are many ways to get a job in the UK, but the most important thing is to get a job in the UK: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন

ASSAM| There are many ways to get a job in the UK, but the most important thing is to get a job in the UK: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন

শিক্ষাৰ ক্ষেত্ৰত উৎকৰ্ষতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থা, ডিগবৈ শাখাৰ অন্তৰ্গত সমূহ উপ-শাখাৰ উদ্যোগত আজি “বিশেষ অভিনন্দন অনুষ্ঠান – ২০২৬” অনুষ্ঠিত হয়। বগাপানী চাহ বাগিচাৰ জগন্নাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত ডিগবৈ শাখাৰ অন্তৰ্গত বগাপানী উপ-শাখা, বৰবিল উপ-শাখা, টিংৰাই শাখা, লক্ষীপথাৰ উপ-শাখা, ডিগবৈ উপ-শাখা, গোলাই উপ-শাখা আদিয়ে সহযোগিতা আগবঢ়ায়।

অনুষ্ঠানৰ আৰম্ভণিতে পুৱা ৯ বজাত কৃষ্ণ কৰ্মকাৰে পতাকা উত্তোলন কৰে। ইয়াত সহযোগিতা আগবঢ়ায় আনন্দ পানিকা, ৰাজীৱ উৰাং, শিৱা সিং ভূমিজ, এন্থনী বেগ আৰু গুৰুজিৎ উৰাঙে। তাৰ পিছত পুৱা ৯.৩০ বজাত ৰাজু কুৰ্মীয়ে শ্বহীদ তৰ্পণ কাৰ্যসূচী পৰিচালনা কৰে।

ASSAM| There are many ways to get a job in the UK, but the most important thing is to get a job in the UK: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন
ASSAM| There are many ways to get a job in the UK, but the most important thing is to get a job in the UK: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা, ডিগবৈ শাখাৰ সাংগঠনিক সম্পাদক অৰ্জুন ভূমিজে। কৃতী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি অধিক মনোনিৱেশ কৰি সমাজ আৰু জাতিৰ নাম উজ্জ্বল কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টিংৰাই হাই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ব্ৰজেন বৰুৱা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সমিতিৰ সভাপতি পৰেশ গুৱালা, জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰভু গড়, আৰক্ষী থানা সমিতিৰ সভাপতি হেমন্ত বুৰাগোহাঁই, ডিগবৈ আৰডি জুনিয়ৰ কলেজৰ অধ্যক্ষ মানস দে আৰু জীৱিকা নাৰ্চিং ইনষ্টিটিউটৰ ব্ৰাঞ্চ মেনেজাৰ বিতুল দত্ত উপস্থিত থাকে। ইয়াৰ উপৰিও অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়বীয়া, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.