ASSAM| The mother fled leaving her one and a half year old child behind : মানৱতাহীন মাতৃ, ডেৰ বছৰীয়া সন্তানক এৰি পলায়ন

ASSAM| The mother fled leaving her one and a half year old child behind : মানৱতাহীন মাতৃ, ডেৰ বছৰীয়া সন্তানক এৰি পলায়ন

‘মা’ শব্দটোৱেই কিমান যে মৰমৰ। কিমান চেনেহৰ। ‘মা’ শব্দটোৰ মাজতেই লুকাই আছে অপাৰ ত্যাগ, কষ্ট, নিৰৱ যন্ত্ৰণা। পিছে মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এইবোৰ জানিব নিদিয়াকৈ সন্তানক কৰি যায় সেৱা। সেয়ে বিজ্ঞজনে কৈ গৈছে- ‘মা’ৰ সমান হ’ব কোন…।

পিছে শিলচৰত সংঘটিত এক ঘটনাই এই পৱিত্ৰ শব্দটোতেই যেন কালিমা সানিলে। এগৰাকী মাতৃয়ে অতি কৌশলেৰে নিজৰ সন্তানক আনৰ হাতত তুলি দি কৰিলে পলায়ন। এই ঘটনা সংঘটিত হৈছে শিলচৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়ত। দেওবাৰে ডেৰ বছৰীয়া সন্তানটিক লৈ হাস্পতালখনত উপস্থিত হৈছিল প্ৰায় ২০ বছৰীয়া মাতৃগৰাকী।https://adtu.in/

ASSAM| The mother fled leaving her one and a half year old child behind : মানৱতাহীন মাতৃ, ডেৰ বছৰীয়া সন্তানক এৰি পলায়ন
ASSAM| The mother fled leaving her one and a half year old child behind : মানৱতাহীন মাতৃ, ডেৰ বছৰীয়া সন্তানক এৰি পলায়ন

পিছে কিছু সময় পিছতে হাস্পতালখনৰ গেটৰ সমীপত এগৰাকী মহিলাক সন্তানটি ধৰিবলৈ দি নিজে বাথৰুমত যাব বুলি অৱগত কৰে। মহিলাগৰাকীয়েও আগ-পিচ নাভাবি সন্তানটিক কোলাত লয়। পিছে বাথৰুমৰ ফালে যোৱা মাতৃক ওভতি আহিব বুলি অপেক্ষা কৰি ভাগৰি পৰে মহিলাগৰাকী।

দীৰ্ঘসময় ধৰি বাথৰুমৰ পৰা মাক ওভতি নহাত মহিলাগৰাকীয়ে বিষয়টো হাস্পতাল কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে। শিশুটিৰ মাতৃক বিচাৰি ইফাল-সিফাল বিচাৰ-খোচাৰ একাংশই আৰম্ভ কৰে যদিও মাকৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। উপায়হীন হৈ বৰ্তমান হাস্পতালখনৰে নাৰ্ছসকলে শিশুটিৰ যত্ন লৈ আছে। পিছে পিশুটিৰ মাতৃয়ে কিয় পলায়ন কৰিলে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। মাতৃৰ হৃদয় ইমান কঠোৰ হ’ব পাৰেনে বুলিও একাংশই প্ৰশ্ন উত্থাপিত কৰিছে। শিশুটি বৰ্তমানে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু মাকৰ সন্ধানত হাস্পতাল কৰ্তৃপক্ষই তথ্য উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে।

You might also like
Leave A Reply

Your email address will not be published.