গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ, দূৰদৰ্শন, ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অনাতাঁৰ নাট্যজগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাৰ আজি সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমীয়া সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাইছে। অভিনয়ৰ সমান্তৰালভাৱে নৃত্য, দূৰদৰ্শনৰ ধাৰাবাহিক, ৰেডিঅ’ নাটক আৰু ভ্ৰাম্যমাণ থিয়েটাৰত দীৰ্ঘদিন ধৰি সফলতাৰে কাম কৰি পূৰৱী শৰ্মাই নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল।
১৯৮০ চনত নীপ বৰুৱা পৰিচালিত অসমৰ প্ৰথমখন ইষ্টমেনকালাৰ চলচ্চিত্ৰ ‘আজলী নবৌ’ৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত নীপ বৰুৱা পৰিচালিত ‘এণ্টনি মোৰ নাম’, ধীৰু ভূঞা পৰিচালিত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ‘প্ৰথম ৰাগিণী’, মুনীন বৰুৱা পৰিচালিত ‘পিতা পুত্ৰ’, ‘বাৰুদ’, ‘পাহাৰী কন্যা’, ‘কন্যাদান’, ‘বিধাতা’, দাৰা আহমেদৰ ‘পূজা’, বিজু ফুকনৰ ‘ভাই ভাই’, শিৱপ্ৰসাদ ঠাকুৰৰ ‘অশান্ত প্ৰহৰ’, ‘আহিৰ ভৈৰৱ’, ‘সোণ মইনা’, হেম বৰাৰ ‘সংকল্প’, মৃদুল গুপ্তাৰ ‘অভিমান’কে ধৰি বহু জনপ্ৰিয় ছবিত তেওঁ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল। ইয়াৰ উপৰিও বহু ভিডিঅ’ ছবিতো তেওঁ উল্লেখযোগ্য অভিনয় আগবঢ়াইছিল।
নিজৰ স্বাভাৱিক অভিনয়শৈলী আৰু বহুমুখী প্ৰতিভাৰে পূৰৱী শৰ্মাই অসমীয়া অভিনয় জগতত এক বিশেষ স্থান অধিকাৰ কৰিছিল। তেওঁৰ অভিনীত বহু চৰিত্ৰ আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে।
পূৰৱী শৰ্মাৰ মহাপ্ৰয়াণে অসমীয়া চলচ্চিত্ৰ, নাট্য আৰু সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি সাধন কৰিলে। তেওঁৰ বিদায়ত শিল্পী, সাহিত্যিক, সংস্কৃতিকৰ্মী আৰু অসংখ্য গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।