ASSAM | Swiggy Instamart is accused of food safety violations : Swiggy Instamartৰ বিৰুদ্ধে খাদ্য সুৰক্ষা উলংঘনৰ অভিযোগ

ASSAM | Swiggy Instamart is accused of food safety violations : Swiggy Instamartৰ বিৰুদ্ধে খাদ্য সুৰক্ষা উলংঘনৰ অভিযোগ

নিউজ ডেস্ক: অনলাইন গ্ৰ’চাৰী ডেলিভাৰী প্লেটফৰ্ম Swiggy Instamartৰ বিৰুদ্ধে খাদ্য সুৰক্ষা নিয়ম উলংঘনৰ অভিযোগ উত্থাপন হোৱাৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে (FSSAI) ৯খন নোটিচ জাৰি কৰিছে।

FSSAI-এ জনোৱা অনুসৰি, খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত গ্ৰাহকৰ পৰা লাভ কৰা একাধিক অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অভিযোগসমূহৰ ভিতৰত Swiggy Instamartৰ জৰিয়তে ম্যাদ উকলি যোৱা, নষ্ট হোৱা, পচা, দূষিত আৰু খোৱাৰ অনুপযোগী খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ আছে।

খাদ্য নিয়ন্ত্ৰক সংস্থাটোৱে ৰ খাদ্য ব্যৱসায়িক প্ৰতিষ্ঠানক (Food Business Operator) এই অভিযোগসমূহৰ সন্দৰ্ভত বিশদ ব্যাখ্যা আৰু অনুপালন প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত সন্তোষজনক উত্তৰ বা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে আইন অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি FSSAI-এ জনাইছে।

ইফালে, FSSAIৰ নোটিচত আন কিছুমান গুৰুত্বপূৰ্ণ বিষয়ো উত্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত কিছুমান ক্ষেত্ৰত ভুল, অবৈধ বা অস্তিত্ব নথকা খাদ্য ব্যৱসায়িক অনুজ্ঞাপত্ৰ নম্বৰ ব্যৱহাৰৰ অভিযোগো আছে। লগতে, FSSAIৰ পঞ্জীয়নভুক্ত নামৰ পৰিৱৰ্তে আন নামেৰে কিছুমান খাদ্য ব্যৱসায়িক প্ৰতিষ্ঠান চলি থকাৰ অভিযোগ উত্থাপন হৈছে।

FSSAI-এ জনাইছে যে, গ্ৰাহকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে সংস্থাটোৱে বিষয়টো গুৰুত্বসহকাৰে লৈছে আৰু তদন্ত তথা পৰৱৰ্তী ব্যৱস্থা অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.