ASSAM | Two Lucknow University law students arrested by Delhi police : উচ্চতম ন্যায়ালয়ত আইনৰ ছাত্ৰৰ উশৃংখলতা

দিল্লী আৰক্ষীৰ জালত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ দুজন আইন শিক্ষাৰ্থী

 

 নিউজ ডেস্ক:  সুপ্ৰিম ক’ৰ্টত শুনানিৰ সময়ত হুলস্থুল সৃষ্টি কৰাৰ অভিযোগত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ দুজন আইন শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। অভিযুক্ত দুজন হৈছে তৃতীয় বৰ্ষৰ আইন শিক্ষাৰ্থী ২৪ বছৰীয়া প্ৰবাল প্ৰতাপ সিং আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী ২৩ বছৰীয়া চন্দৰ ভান।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ১০ জুলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কে. ভি. বিশ্বনাথন আৰু অলোক আৰাধেৰ বিচাৰপীঠৰ সন্মুখত সংঘটিত ঘটনাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰাপত্তা কৰ্মচাৰীৰ অভিযোগৰ ভিত্তিত তিলক মাৰ্গ আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা হয়।

অভিযোগ অনুসৰি, নিজৰ গোচৰত নিজেই আবেদনকাৰী হিচাপে উপস্থিত হোৱা প্ৰবাল প্ৰতাপ সিঙে শুনানিৰ সময়ত বিচাৰপতিসকলৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰিছিল। আদালতৰ ভিতৰত নিজৰ গোচৰৰ নথি-পত্ৰ দলিয়াই দিয়ে আৰু পৰিস্থিতি উত্তপ্ত কৰি তোলে। নিৰাপত্তাৰক্ষীয়ে তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তো বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

এই ঘটনা সংঘটিত হয় এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ২০২৬ চনৰ এপ্ৰিল মাহৰ এক ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনখনৰ শুনানিৰ সময়ত। গোচৰৰ নথি-পত্ৰ দলিয়াই দি মুখ্য ন্যায়াধীশক উদ্দেশ্য কৰি আপত্তিজনক মন্তব্য কৰে। লগে লগে নিৰাপত্তাৰক্ষীয়ে তেওঁক আদালতৰ পৰা বাহিৰলৈ উলিয়াই নিয়ে।

অৱশ্যে, ১০ জুলাইৰ আদেশত বিচাৰপীঠে আবেদনকাৰীৰ অৱস্থা বিবেচনা কৰি তেওঁৰ বিৰুদ্ধে তৎক্ষণাত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰিছিল। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

You might also like
Leave A Reply

Your email address will not be published.