নিউজ ডেস্ক: ভাৰতত প্ৰথমবাৰৰ বাবে হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’লৰ আজি শুভাৰম্ভ কৰা হয়। শুকুৰবাৰে হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জিন্দ-ছোনিপত পথত এই ৰে’লখনৰ শুভাৰম্ভ কৰে।
৮৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথত ৰে’লখনে ১২টা ষ্টেচনত অৱস্থান কৰি প্ৰায় দুঘণ্টাত গন্তব্যস্থানত উপনীত হ’ব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, হাৰিয়ানাৰ ৰাজ্যপাল অসীম কুমাৰ ঘোষ আৰু মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত আছিল।
সম্পূৰ্ণ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ এই ৰে’লখন হাইড্ৰ’জেন ফুৱেল চেল প্ৰযুক্তিৰে চলিব। হাইড্ৰ’জেনৰ পৰা উৎপাদিত বিদ্যুতৰ সহায়ত চলা এই ৰে’লখনৰ পৰা কাৰ্বন নিঃসৰণ নহয়; কেৱল জলীয় বাষ্পহে নিৰ্গত হয়। ফলত ই পৰিৱেশ-অনুকূল আৰু পৰিষ্কাৰ পৰিবহণ ব্যৱস্থাৰ এক নতুন সংযোজন হিচাপে বিবেচিত হৈছে।

১০টা ডবা থকা এই ৰে’লখন বিশ্বৰ আটাইতকৈ দীঘল হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’লসমূহৰ অন্যতমৰূপে বিবেচিত হৈছে। ৩,২০০ হৰ্চপাৱাৰ ক্ষমতাসম্পন্ন এই ৰে’লখনে ভাৰতৰ ৰে’ল যোগাযোগ ব্য়ৱস্থাত নতুন ইতিহাসৰ সূচনা কৰিলে।