নিউজ ডেস্ক: বহু প্ৰতীক্ষিত কামাখ্যা কৰিড’ৰ প্ৰকল্পৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল। প্ৰকল্পটোৰ অংশ হিচাপে প্ৰশাসনে এক্সকেভেটৰ ব্যৱহাৰ কৰি কামাখ্যা মন্দিৰৰ কাষৰ কেইবাখনো দোকান ভাঙি পেলায়। একে সময়তে ৰাইজৰ সহযোগিতাত উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলাই নিয়ে গুৱাহাটী ৰাজহ চক্ৰ কাৰ্যালয়ে।
জানিব পৰা মতে, কাশী বিশ্বনাথ কৰিড’ৰৰ দৰেই নিৰ্মাণ কৰা হ’ব এই কামাখ্যা কৰিড’ৰ। প্ৰকল্পটো বাস্তৱ ৰূপ দিয়াৰ বাবে মুঠ ১১০ খন দোকান আৰু ১৫ টা ঘৰ-অট্টালিকা উচ্ছেদ কৰা হ’ব। ইয়াৰ লগতে মন্দিৰলৈ যোৱা এখন ফুট ব্ৰীজো ভাঙি দিয়ে প্ৰশাসনৰ লোকে।

উল্লেখ্য যে, প্ৰায় ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া অভিলাষী কামাখ্যা কৰিড’ৰে ভৱিষ্যতে দেশ-বিদেশৰ তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে উন্নত যাতায়াত, সা-সুবিধা আৰু সুন্দৰ পৰিৱেশ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।