ASSAM | Jobs with fake caste certificates : ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি

ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি

লখিমপুৰ, ১৭ জুলাই: লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ পল্লৱ বৰাক কেন্দ্ৰ কৰি ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, অনুসূচীত জাতিৰ ভুৱা জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি তেওঁ চৰকাৰী চিকিৎসকৰ চাকৰি লাভ কৰিছিল।

এই অভিযোগক কেন্দ্ৰ কৰি অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালককে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি ঘটনাটোৰ তদন্তৰ দাবী জনাইছিল। পৰৱৰ্তী তদন্তত সংশ্লিষ্ট জাতিগত প্ৰমাণ পত্ৰখন ভুৱা বুলি স্পষ্ট হোৱা বুলি সংগঠনটোৱে দাবী কৰিছে।

ASSAM | Jobs with fake caste certificates : ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি
ঘটনাটোৰ পাছতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাসে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমত বহু লোকে ভুৱা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি বিভিন্ন চৰকাৰী বিভাগত চাকৰি কৰি আছে। এনে সকলো ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীসকলৰ জাতিগত প্ৰমাণ পত্ৰ বাতিল কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰি আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায়।   

ইয়াৰ উপৰিও, জালিয়াতিৰে ভুৱা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত অসম অনুসূচীত জাতি পৰিষদৰ একাংশ ব্যক্তিকো তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদে।সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চৰকাৰী চাকৰি কৰি থকা ব্যক্তিসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি দোষীসকলক উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.